গুৱাহাটী
২০ জুন

ক’ভিড মহামাৰীৰ ফলত এতিয়া তীব্ৰ সংকটত ভুগিছে টেন্ট হাউচ সমুহৰ মালিক আৰু কৰ্মচাৰী। ক’ভিড মহামাৰীৰ ফলত যোৱা ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পৰা লকডাউনৰ ফলত প্ৰায় ১০ মাহ টেন্ট হাউচৰ ব্যৱসায় বন্ধ হৈ আছে। ফলত টেণ্ট হাউচ সমূহৰ মালিকৰ লগতে কৰ্মচাৰী সকল পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত সন্মুখীন হৈছে বৃহৎ সমস্যাৰ। একো একোটা টেন্ট হাউচৰ লগত গাড়ী চালকৰ পৰা আৰম্ভ কৰি লাইনমেনলৈকে প্ৰায় ২৫ জনতকৈও অধিক লোক জড়িত হৈ থাকে। ক’ভিড মহামাৰীৰ ফলত এতিয়া এই কৰ্মচাৰী সকলৰ অৱস্থা পানীত হাঁহ নচৰা হোৱাৰ লগতে টেন্ট হাউচ সমূহৰ বাহঁ, কাঠৰ বিট, কাপোৰ আদি বহুতো সা-সামগ্ৰী নষ্ট হৈ গৈছে।

যোৱা ২০১৭ চনতে পলাশবাৰী, বকো, ছয়গাঁও আৰু পশ্চিম গুৱাহাটী এই চাৰিটা সমষ্টিৰ টেন্ট হাউচৰ ব্যৱসায়ী সকলে একত্ৰিত হৈ জনসাধৰনক উৎকৃষ্ট সেৱা আগবঢ়া মানসৰে দক্ষিণ কামৰূপ টেন্ট হাউচ উন্নয়ন সংস্থা এটি গঢ় দিছিল। সংস্থাৰ তৰফৰ পৰা টেন্ট হাউচৰ ব্যৱসায়ীৰ লগতে কৰ্মচাৰীক কিছু পৰিমানে হ’লেও সহায় কৰিবলৈ স্থানীয় বিধায়কৰ দ্বাৰা বহুবাৰ চৰকাৰক লিখিত হিচাপে আহ্বান জনোৱা হৈছিল যদিও আজি পৰ্যন্ত চৰকাৰে কোনো ধৰনৰ সহাঁৰি নজনালে। ২০২১ চনত মাত্ৰ ২ মাহৰ বাবে টেণ্ট হাউচৰ ব্যৱসায় চলিছিল যদিও পুনৰ ক’ভিডৰ দ্বিতীয়টো ঢৌৰ বাবে টেন্ট হাউচৰ ব্যৱসায় বন্ধ হৈ আছে।

ৰাজ্যৰ সকলো টেন্ট হাউচৰ তৰফৰ হৈ দক্ষিণ কামৰূপ টেন্ট হাউচ সন্থাই টেন্ট হাউচৰ এই ব্যৱসায়টো জীয়াই ৰাখিবলৈ যিকোনো প্ৰকাৰে সহায় কৰিবলৈ চৰকাৰক কাটৰ অনুৰোধ জনাইছে। দক্ষিণ কামৰূপ টেন্ট হাউচ সংস্থাৰ হৈ সভাপতি যতীন ঠাকুৰীয়া, সম্পাদক কৈলাশ দাস আৰু কাৰ্যকৰী সদস্য মনোজ দাসে এক বিবৃতিযোগে এই আহ্বান জনাইছে। দক্ষিণ কামৰূপ টেন্ট হাউচ সন্থাই লগতে কৈছে যে যদি অতি শীঘ্ৰে টেণ্ট হাউচৰ ব্যৱসায় আৰম্ভ নহয় অথবা চৰকাৰে সহায়ৰ বাবে আগুৱাই নাহে তেন্তে টেণ্ট হাউচৰ মালিক আৰু কৰ্মচাৰী সকলৰ পৰিয়ালৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিব।