বিলাসীপৰা

২১ জুন

ধুবুৰী জিলাৰ বিলাসীপৰাত আৰক্ষীৰ অভিযান। চোৰাং কেৰাচিন তেল ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৫ হাজাৰ লিটাৰ কেৰাচিন তেল। চোৰাং তেল ব্যৱসায়ৰ লগত জড়িত এজন লোক আটক।

বিলাসীপৰাৰ পশুৱাৰখাল তৃতীয় খণ্ড গাঁৱত অবৈধ তেল মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। তেল মাফিয়া ওছমান আলীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ২১ ড্ৰাম কেৰাচিন জব্দ কৰে। ড্ৰাম কেইখনত প্ৰায় ৫ হাজাৰ লিটাৰ কেৰাচিন তেল আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে কেৰাচিন তেলৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত এজন লোকক আটক কৰিছে। ইফালে আৰক্ষীয়ে জানিবলৈ দিয়ে যে অবৈধ তেল মাফিয়া ওছমান আলী আৰু তেওঁৰ পুত্রক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত একাংশ তেল মাফিয়াই পশ্চিম বংগৰ পৰা কেৰাচিন তেল আনি জিলাখনত অবৈধভাৱে বিক্ৰী কৰি আছে।