গুৱাহাটী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : অভি-নীলৰ দকমকাৰ নৃশংস হত্যাকাণ্ড নিশ্চয় সকলোৰে মনত আছে । কিন্তু এই হত্যাকাণ্ডৰ দোষী, অভিযুক্ত আজিও মুকলি আকাশৰ তলত । এই অভি-নীলৰ স্মৃতিত আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই মেক্সিকোৰ সান্তা কেথেলিন আইলেণ্ডৰ পৰা ৰনেছ পালাছ ভাৰ্দিছলৈকে এই সাঁতোৰৰ যাত্ৰা কৰিব। এই সমগ্ৰ সাঁতোৰ অভিযানত মুঠ ১৪-১৫ ঘণ্টা লাগিব। ইয়াৰ বাবে তেখেতে গঙ্গাত অনুশীলন কৰিব যাৰ বাবে তেখেতে অনুমতি পাইছে।

২০১৯ চনৰ ১৫ আগষ্টৰ ৰাতি ১১ বজাত তেখেতৰ এই যাত্ৰা আৰম্ভ হব । তাৰবাবে তেখেতৰ যাৱতীয় কাগজ-পত্ৰ ২০১৮ চনৰ ডিচেম্বৰত আহিছে। চাৰ্ক আৰু ডলফিন থকা কেলিফোৰ্নিয়াৰ কেথেলিন আইলেণ্ডৰ পৰা আৰম্ভ কৰিব এই যাত্ৰা। অভি-নীলৰ নামত উচৰ্গা কৰিবলৈ যোৱা বছৰৰে পৰা সপোন আছিল এলভিছৰ। অভি-নীলৰ হত্যাকাণ্ডৰ একবছৰ হল কিন্তু তেওঁলোকে ন্যায় পোৱা নাই সেইবাৱেই তেওঁলোকৰ নামত এই দুৰ্দান্ত সাঁতোৰ যাত্ৰা কৰিব বিচাৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে এলভিছ আলী হাজৰিকাই।