গুৱাহাটী, সংবাদ ৩৬৫, ২৭ এপ্ৰিল : ২০১৮ চনৰ ৭ জুনত গুৱাহাটীৰ লংকেশ্বৰৰ ঈৰদা মহাবিদ্যালয়ৰ মুকবধিৰ লুণা কলিতাক ধৰ্ষণ কৰি হত্যা আত্মহত্যাৰ ৰূপ দিয়া হৈছিল। কিন্তু সেই লুণা কলিতাই বৰ্তমানেও ন্যায় নাপালে।

উক্ত ঘটনাৰ সন্দৰ্ভত সেই সময়ত মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালকৰ পদত থকা অভিযোগ অভিযুক্ত ডঃ ৰমণী বৰ্মণক জেললৈ প্ৰেৰণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ডঃ ৰমণী বৰ্মণৰ বিৰুদ্ধে চৰকাৰে এক তদন্ত কৰি সমাজ কল্যাণ বিভাগক এজাহাৰ দাখিল কৰিবৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰে যদিও বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো তথ্য পোৱা নাই।

লুণা কলিতাৰ পৰিয়ালৰ ক্ষোভ প্ৰতিবন্ধী হোৱাৰ বাবে লুণা কলিতাই ন্যায় নাপালে। কিন্তু চৰকাৰে অৰ্ণমাই বৰাৰ হত্যাকাৰীৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা বৰাৰ পৰিয়ালক ন্যায় দিলে। সেয়েহে যথেষ্ট ক্ষোভ আৰু দুখেৰে লুণা কলিতাৰ পিতৃয়ে ইয়াৰ উচিত বিচাৰৰ বাবে আহ্বান জনায়। তেখেতে কয় যে দুখীয়াৰ বাবে এইয়াই নেকি আইন?

ইফালে উক্ত সংবাদ মেলতে লুণা কলিতাৰ স্মৃতিত অহা ১৮ মে’ত ৰাজ্যিক ভিত্তিক প্ৰতিবন্ধীসকলৰ এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে পূৰ্ব্বোত্তৰ প্ৰতিবন্ধী প্ৰতিষ্ঠান খোলাৰ বাবে সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰতিষ্ঠান নামেৰে এখন প্ৰতিবন্ধীসকলৰ প্ৰতিষ্ঠান খোলাৰ বাবে সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰতিষ্ঠানখনত কাৰিকৰী শিক্ষা যেনে পুতলা বনোৱা, ধূপ কাঠি ,মমবাতি বনোৱা, চিলাই ক্ৰাফ্ট আদিৰ লগতে উচ্চ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ দ্বাৰা স্বীকৃতিৰ বাবে প্ৰক্ৰিয়া চলি আছে।

সংবাদমেলত লুণা কলিতাৰ হত্যাকাৰীয়ে যাতে মুকলি আকাশৰ তলত ঘূৰি ফুৰিব নোৱাৰে তাৰ বাবে অসম প্ৰতিবন্ধী সুৰক্ষা কমিটি,অসম বধিৰ সন্থা আৰু অন্য প্ৰতিবন্ধী সংগঠনৰ উদ্যোগত গণস্বাক্ষৰ অভিযান কৰা হব আৰু ইয়াৰ প্ৰতিলিপি ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, উপায়ুক্ত, পুলিচ,উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু অন্য অনুষ্ঠান-প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হব। ইয়াৰ পাছতো যদি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এই প্ৰতিবন্ধী সংগঠনসমূহে যিকোনো কার্যসূচী লবলৈ বাধ্য হব আৰু তাৰ বাবে চৰকাৰ, প্ৰশাসন আদিয়ে জগৰীয়া হব বুলি সংবাদমেলত সদৰী কৰে।