বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৮ এপ্ৰিলঃ ৰঙালীক আদৰিবলৈ উজনিৰ পৰা নামনি লৈকে প্ৰতিটো জনগোষ্ঠীৰ লোকৰ মাজত প্ৰস্তুতি এতিয়া তুংগত। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই পশ্চিম অসমৰ অভয়াপুৰীৰ সমীপৱৰ্তী বামুণগাঁৱৰ ৰাভা জনগোষ্ঠীৰ লোক সকল।ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বিহু নৃত্য ‘চাথাৰ’ৰ আখৰাত ব্যস্ত বামুণগাঁৱৰ ডেকা গাভৰু সকল। মূলত প্ৰকৃতি দেবী ‘বায়খোক’ক সন্তুষ্ট কৰি প্ৰকৃতিক উৰ্বৰ কৰি তোলাৰ মানসেৰে উদযাপন কৰা ৰাভা জনগোষ্ঠীৰ বিহু ৰাজ্যৰ আন আন জনগোষ্ঠী সমুহৰ বিহুৰ সৈতে মুলগত প্ৰভেদ নাই যদিও বাদ্য যন্ত্ৰ সমুহৰ আকৃতি নামৰ কিছু প্ৰভেদ আছে। ৰাভা জনগোষ্ঠীৰ বিহু নৃত্য ‘চাথাৰ’ত ব্যৱহাৰ কৰা ঢোলটোৰ নাম ‘খাম’, সেইদৰে বাঁহী টোক ‘ব্ৰাংশিং’, তালখন ‘ডাইডি’ নামে জনাজাত। ‘চাথাৰ’ নৃত্যত যুৱতীসকলে দেহৰ নিম্ন ভাগত ৰুফান আৰু ওপৰৰ ফালে কামম্বুং পৰিধান কৰে। যুৱক সকলে দেহৰ নিম্ন অংশত গামচা, দেহত বকছেল পৰিধান কৰে আৰু কঁকালত পাজাৰ বান্ধে। ৰাভা জনগোষ্ঠীৰ আছে নিজা বিহু গীত আৰু এই গীতৰ তালে তালে ঘূৰি ঘূৰি নৃত্য কৰে ডেকা গাভৰু সকলে। জনগোষ্ঠীটোৰ মাজত বিশ্বাস আছে যে, এই নৃত্যই ভূমি উৰ্বৰ কৰি অনাগত সময়ত প্ৰকৃতিক শষ্য শ্যামলা কৰি তোলে। কৃষিজীৱী বামুণগাঁৱৰ ৰাভা জনগোষ্ঠীৰ লোক সকল এতিয়া ব্যস্ত হৈ পৰিছে “চাথাৰ”ৰ আখাৰাত। বিগত এমাহ ধৰি বামুণগাওঁ ৰাভা কৃষ্টি দলৰ উদ্যোগত বামুগাঁৱৰ দ্বিতীয় খণ্ডৰ মুকলি পথাৰতেই চলাই গৈছে আখৰা। নৃত্য যিমানেই সুন্দৰ হব প্ৰকৃতি সিমানেই উৰ্বৰ হৈ উঠিব আৰু কৃষিজীবি জনগোষ্ঠীটোৱে কৃষি কাৰ্যৰে বছৰটো জোৰাকৈ খাদ্য সঞ্চয় কৰিব পাৰিব। ডেকা গাভৰু সকলে চলাই যোৱা আখৰাৰ গীত বাদ্যৰ অপূৰ্ব ঝংকাৰে এতিয়া মুখৰিত কৰি তুলিছে বামুণগাঁৱৰ আকাশ বতাহ।