গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ সমগ্র দক্ষিণ পূর্ব এছিয়াৰ সৈতে ব্যৱসায়িক সম্পর্ক গঢ়ি তােলাৰ ক্ষেত্ৰত অসম উপযুক্ত স্থান। এই অঞ্চলৰ ভৌগােলিক অৱস্থিতিয়ে ব্যৱসায়িক ক্ষেত্ৰখনৰ অনুকূল বাতাবৰণৰ সূচনা কৰিছে। দেশৰ এই অঞ্চলটোৰ অর্থনৈতিক উন্নয়ন সাধন আৰু আছিয়ান দেশসমূহৰ বৃহৎ বজাৰ খনক সামৰি লােৱাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে উদ্যোগীসকলক উৎসাহিত কৰি আহিছে। শনিবাৰে ৰাষ্ট্ৰীয় ষ্টক একচেঞ্জে মহানগৰীত আয়ােজন কৰা এন এছ ই বিনিয়ােগকাৰী মেলা ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়। মুখ্যমন্ত্রী সােণােৱালে কয় যে অঞ্চলটোৰ দ্রুত অর্থনৈতিক বিকাশ সম্ভৱ কৰি তুলিবৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এক্ট ইষ্ট পলিচিৰ যােগেদি পদক্ষেপ গ্রহণ কৰিছে। অলপতে অনুষ্ঠিত হৈ যােৱা বিশ্ব বিনিয়ােগ সন্মিলনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে এই সন্মিলনৰ জৰিয়তে বিশ্ব পর্যায়ত অসম বিনিয়ােগৰ এক সম্ভাৱনীয়পূর্ণ অঞ্চল হিচাপে চিহ্নিত হৈছে আৰু বিনিয়ােগকাৰী সকলে ইয়াতে বিনিয়ােগৰ বাবেও আগ্রহ প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এন এছ ই বিনিয়ােগ মেলাই পুঁজি বজাৰত প্ৰৱেশৰ বাবে ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগী সকলক সুযােগ প্রদান কৰিব আৰু বিকাশৰ দিশলৈ আগবঢ়াৰ ক্ষেত্ৰত ৰােড মেপ প্রস্তুতৰ বাবে এক সৱল মানসিকতাৰ উন্মেষ সাধন কৰিব। বিভিন্ন খণ্ডৰ জৰিয়তে অর্থনৈতিক উন্নয়ন সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ আলােকপাত কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে বর্তমানৰ ৰাজ্য চৰকাৰে অসম ষ্টার্টআপ নীতি ২০১৭, তথ্য প্রযুক্তি আৰু ইলেকট্রনিক নীতি ২০১৭, হস্ততাঁত নীতি ২০১৭-১৮, চেনি নীতি ২০১৮, বায়’ টেকনলজি নীতি ২০১৮, পর্যটন নীতি ২০১৭, সৌৰ শক্তি নীতি ২০১৮ ৰ দৰে লেখীয়া বিভিন্ন নীতি গ্রহণ কৰিছে। ইয়াৰ জৰিয়তে বিনিয়ােগকাৰী সকলৰ বাবে অসমক অগ্রণী স্থান হিচাপে পৰিৱৰ্তন সাধন কৰিব বিচৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে দক্ষ মানৱ সম্পদ গঢ়াৰ বাবেও পদক্ষেপ গ্রহণ কৰিছে। যুৱক যুৱতীসকলক দক্ষ কৰাৰ জৰিয়তে তেওঁলােকক নিয়ােগৰ বাবে সুবিধা প্রদান কৰাৰ উপৰি দেশৰ দক্ষ কর্মবাহিনী এটা গঢ়ি তােলাৰ ক্ষেত্ৰটো অৰিহণা যােগাবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যখনৰ সৌহাদ্যপূর্ণ ব্যৱসায়িক পৰিৱেশত বিনিয়ােগকাৰী সকলক বিনিয়ােগ কৰাৰ আহ্বান জনাই় মুখ্যমন্ত্রী সােণােৱালে কয় যে ৰাজ্য চৰকাৰে ঔদোগিক আন্তঃগাঁথনি পৰিৱর্তন সাধন কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্রহণ কৰিছে। ষ্টেট কেপিটেল ৰিজনৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণ, গুৱাহাটী মহানগীৰৰ পৰা টিহুলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ােকাষে উদ্যোগিক কৰিডৰ, ৬৫ মহলীয় টুইন টাৱাৰৰ জৰিয়তে বিশ্ব বাণিজ্য কেন্দ্র স্থাপনৰ লেখীয়া বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যাতে আগন্তুক দিনত অসম ঔদ্যোগিক ক্ষেত্ৰত এক উল্লেখযােগ্য ৰাজ্য হিচাপে পৰিগণিত হ’ব পাৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে উত্তৰ পূৱ উদ্যোগিক আঁচনি ২০১৭ কেন্দ্রীয় চৰকাৰে শেহতীয়াভাৱে অনুমােদন জনাইছে আৰু ইয়ে উত্তৰ পূৰ্বাঞ্চলত বিনিয়ােগৰ বাবে ব্যৱসায়িক ঔদ্যোগিক গােট সমূহক উৎসাহিত কৰিব। অনুষ্ঠানত ৰাষ্ট্ৰীয় ষ্টক একচেঞ্জৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিক্রম লীমায়ে ভাষণ দিয়ে আৰু এই বিনিয়ােগ মেলাই এছ এম ইক উৎসাহিত কৰিব বুলি কয়। তেওঁ লগতে কয় যে ব্যৱসায়িক সম্প্রসাৰণৰ বাবে ইকুইটি মার্কেটৰ পৰা পুঁজি ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰীয় ষ্টক একচেঞ্জত অন্তর্ভুক্ত হ’বলৈ আৰু ইয়াৰ সুবিধা ল’বলৈ সক্ষম হ’ব। অসম চেম্বাৰ অফ কমার্চৰ অধ্যক্ষ ৰূপম গােস্বামীয়েও অনুষ্ঠানত ভাষণ প্রদান কৰে।