নলবাৰী, সংবাদ ৩৬৫, ৮ এপ্ৰিলঃ নলবাৰী জিলা কাবাডী, হেণ্ডবল, খো’খো সন্থাৰ উদ্যোগত আৰু অসম খো’খো সন্থাৰ সহযোগত নলবাৰী চৰকাৰী গৰ্ডন স্কুল খেলপথাৰত শনিবাৰে অনুষ্ঠিত হোৱা উদ্বোধনী সভাত অসম খো’খো সন্থাৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ লগতে নলবাৰী জিলাৰ কাবাডী, হেণ্ডবল আৰু খো’খো সন্থাৰ সভাপতি অমল নাৰায়ন পাটোৱাৰীয়ে এই প্ৰতিযোগিতাৰ অংশ লৈ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। অহা ৯ এপ্ৰিলত সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাখনত ৰাজ্যৰ ২৮ টা দলে অংশ গ্ৰহণ কৰিছে। অহা ৯ এপ্ৰিলত হব লগা সামৰণি অনুষ্ঠানত অসমৰ ক্ৰীড়া, যুৱ কল্যান মন্ত্ৰী নৱ কুমাৰ দলৈ উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।