জোনমণি বেগম

বিশ্বনাথ

২৬ জুন

এইবাৰ নগাৰ আগ্ৰাসন নহয়, এইবাৰ অৰুণাচলীৰ আগ্ৰাসন চলিছে অসমৰ ভূমিত।অৰুণাচলীৰ আগ্ৰাসন চলিছে বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ভৰালীজুলীত। নিশাৰ ভাগত অৰুণাচলী দুৰ্বৃত্তই জ্বলাই দিলে ভৰালীজুলীৰ অসমৰ ভূমিত থকা খিলঞ্জীয়া লোকৰ ঘৰ।

জানিব পৰা মতে হাতে হাতে দা লৈ অৰুণাচলীৰ এটা ৩০ জনীয়া দুৰ্বৃত্তৰ দলে যোৱা ৯ জুন তাৰিখে মহেন্দ্ৰ ওৰাং নামৰ এজন ব্যক্তিৰ ঘৰলৈ আহে। দলটোয়ে মহেন্দ্ৰ ওৰাংক অসমৰ মাটিখিনি অৰুণাচলৰ মাটি বুলি কৈ অৰুণাচলীৰ হৈ খেতি কৰিবলৈ আদেশ প্ৰদান কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়ে।

মহেন্দ্ৰই ওৰাং অৰুণাচলী দুৰ্বৃত্তৰ দলটোক খেতি নকৰো বুলি কয় আৰু ভয়তে যোৱা ২০ জুনত তাৰিখে উক্ত স্থান এৰি পলায়ন কৰে। অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে নিশাৰ ভাগত আহি মহেন্দ্ৰৰ ওৰাংৰ ঘৰটো জ্বলাই দিয়ে। অভিযোগ অনুসৰি অৰুণাচলৰ বালিচ’ গাঁৱৰ দুংজুং ৱাগে আৰু নাব্ৰ’ কিন’ নামৰ গাঁওবুঢ়া দুজনো উক্ত ৩০ জনীয়া।দুৰ্বৃত্তৰ দলটোত আছিল।

সম্প্ৰতি মহেন্দ্ৰ ওৰাং জিনজিয়া আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। ইফালে আগ্ৰাসনকাৰী অৰুণাচলীয়ে ইতিমধ্যে অসমৰ ভূমিত বিদ্যালয় স্থাপন কৰিছে। ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয় তথা ঘৰ সাজি দুৰ্বৃত্তৰ দলটোৱে অসমৰ ভূমি দখল কৰিছে। জিনজিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।