গুৱাহাটী

২৬ জুন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনতা ভৱন চৌহদত অসম আৰক্ষীৰ দ্বাৰা আয়ােজিত এক অনুষ্ঠানত গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে সততা আৰু সাহসিকতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা বৰচিং বে’ক অসম আৰক্ষীৰ কনিষ্টবল পদত আনুষ্ঠানিকভাৱে নিযুক্তিপত্র প্রদান কৰে। উল্লেখ্য যে যােৱা ২১ জুনত কাৰ্বি আংলং আৰক্ষীয়ে এখন বাছত তালাচী চলাওতে ১২ কোটি টকা মূল্য প্রায় ৩ কেজি পৰিমাণৰ মেথামফেটামাইন উদ্ধাৰ কৰাৰ লগতে দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। এই অভিযানৰ সময়তে গৃহৰক্ষী বাহিনীৰ জোৱান বৰচিং বে’ই সৰবৰাহকাৰীয়ে প্ৰদান কৰা প্রলােভন প্রতাখ্যান কৰি সততা আৰু নিষ্ঠাৰ বিৰল পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল।

বৰচিং বে’ৰ নিযুক্তি প্ৰদান অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে সততা আৰু সাহসিকতাক এইখন চৰকাৰে সদায়ে সন্মান জনাই যাব। বৰচিং বে’ৰ দৰে গৃহৰক্ষী জোৱান এগৰাকীয়ে কোনাে প্রলােভনৰ প্রতি লালায়িত নহৈ সততা আৰু সাহসিকতাৰ যি পৰিচয় দাঙি ধৰিলে সিয়ে অসম আৰক্ষীৰ সকলাে বিষয়া-কৰ্মচাৰীৰ লগতে সকলােকে অনুপ্রাণিত কৰিব। ৰাজ্য চৰকাৰে সেয়েহে এনে ধৰণৰ অনুষ্ঠান পাতি তেওঁক সম্বর্ধনা জনােৱাৰ লগতে নিযুক্তিপত্র প্রদান কৰিছে যাতে ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনলৈ এই দিশত এক ইতিবাচক বার্তা প্ৰেৰণ কৰিব পৰা যায়। মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী কৰ্মচাৰীক সততা আৰু সাহসিকতাক নিজৰ জীৱনৰ অংগ কৰি লােৱাৰ বাবে আহ্বান জনায়।

অসমৰ ভৱিষ্যৎ প্রজন্মক ড্ৰাগছৰ দৰে মহাব্যাধিৰ পৰা আঁতৰাই ৰাখি এখন সুস্থ সমাজ গঢ়ি তােলাটো সকলােৰে নৈতিক দায়িত্ব আৰু কর্তব্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ চৰকাৰখনে কার্যভাৰ গ্ৰহণৰ পৰা অসম আৰক্ষীয়ে এই দিশত যুদ্ধকালীনভাৱে অভিযানত নামি পৰিছে বুলিও কয়। ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্রহণ কৰাৰ ফলশ্ৰুতিত বিগত ৪৫ দিনত অসম আৰক্ষীয়ে প্রায় ১৩৫ কোটি টকা মূল্যৰ বিভিন্নধৰণৰ ড্ৰাগছ অসমৰ বিভিন্ন প্রান্তত ধৰা পেলাবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যখনত ড্ৰাগছ ধৰা নপৰা আৰু ড্ৰাগছ বিচাৰি নােপােৱা অৱস্থা এটাৰ সৃষ্টি কৰিলেহে এই দিশত সম্পূর্ণ সফলতা লাভ কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। পূর্বতে মণিপুৰ সংলগ্ন ম্যানমাৰৰ সীমান্তৰ পৰা অসমৰ মাজেৰে ভাৰতৰ বিভিন্ন প্রান্তলৈ ড্ৰাগছৰ সৰবৰাহ হৈছিল যদিও লাহে লাহে আমাৰ ৰাজ্যখনতাে ইয়াৰ এক বজাৰ গঢ় লৈ উঠাৰ উপক্ৰম হৈছিল বুলি উল্লেখ কৰি নৱ প্ৰজন্মক এই মহাব্যাধিৰ পৰা ৰক্ষা কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে বিশেষভাৱে গুৰুত্ব আৰােপ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্র অভিযান চলােৱাৰ উপৰি গৰুৰ চোৰাং বেহা, শিশু আৰু মহিলাৰ সৰবৰাহ তথা মহিলাৰ বিৰুদ্ধে সংঘটিত হােৱা অপৰাধজনিত ঘটনা ৰােধ কৰাৰ দিশত বৰ্তমানৰ চৰকাৰখনে দায়িত্বভাৰ লােৱাৰ পৰা বিশেষভাৱে সক্রিয় হৈছে বুলিও উল্লেখ কৰে। মহিলা আৰু শিশুৰ অবৈধ সৰবৰাহৰ লগত এটা বৃহৎ গােট জড়িত আছে বুলি উল্লেখ কৰি এই গােট উৎখাত কৰাৰ বাবে অসম আৰক্ষীয়ে দায়বদ্ধতাৰে নিজৰ কর্তব্য পালন কৰি যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ বাবে বহু সংখ্যক পদক্ষেপ গ্রহণ কৰি আছে বুলি উল্লেখ কৰি আগন্তুক সময়ত আৰক্ষী বাহিনীৰ মেডিকেল ৰিম্বাৰ্ছমেন্ট, চিকিৎসা আৰু আৱাস গৃহৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰােপ কৰি পদক্ষেপ লােৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি, আগন্তুক কেবিনেটত আৰক্ষী বেটেলিয়ানৰ বিশেষ ছুটী মঞ্জুৰি সম্পৰ্কত সিদ্ধান্ত গ্রহণৰ সম্ভাৱনা আছে বুলিও মুখ্যমন্ত্ৰীয়ে কোৱাৰ লগতে আগন্তুক বিত্ত মন্ত্ৰীৰ বাজেট ভাষণত আৰক্ষী বাহিনীৰ বাবে কিছু সংখ্যক নতুন পদক্ষেপৰ আভাস দাঙি ধৰা হ’ব বুলিও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে লগতে গৃহ বিভাগ তথা আৰক্ষী সঞ্চালক প্রধান কর্তব্যৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰা গৃহৰক্ষী বাহিনীৰ জোৱান, কনিষ্টবল ইত্যাদি পদবীত কার্যনির্বাহ কৰা আৰক্ষীক নির্দিষ্ট প্রক্রিয়াৰে আৰক্ষী পৰিদৰ্শক পদত নিযুক্তিৰ প্ৰদানৰ দিশটো চালি-জাৰি চাই এই দিশত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও পৰামৰ্শ আগঢ়ায়। গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীজ বার্মাই আদৰণি ভাষণ প্রদান কৰা এই অনুষ্ঠানত আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তইও মুখ্যমন্ত্রী ড° মিহন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত অসম আৰক্ষীয়ে বিভিন্ন দিশত গ্ৰহণ কৰা সক্রিয় পদক্ষেপৰ সবিশেষ আলােকপাতেৰে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত কৃষি, সীমান্ত অঞ্চল উন্নয়ন ইত্যাদি বিভাগৰ মন্ত্রী অতুল বৰা, হস্ততাঁত আৰু বস্ত্র, ভূমি সংৰক্ষণ ইত্যাদি বিভাগৰ মন্ত্রী উখাও গৌৰা ব্ৰহ্ম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নােমল মমিন, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মুখ্যমন্ত্ৰীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, বিশেষ আৰক্ষী সঞ্চালক প্রধান জি পি সিং, গৃহৰক্ষী বাহিনীৰ সঞ্চালক এ কে সিনহা কাশ্যপকে ধৰি বহুসংখ্যক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।