গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’ : মহানগৰীৰ সমীপৰ ধাৰাপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড টেকনলজিত ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগীতা । বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ লুকাই থকা তেওলোকৰ প্ৰতিভা সমুহ বিকাশ আৰু সকলোৰে আগত ডাঙি ধৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই ৰাজ্যিক ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী ।

এই প্ৰদৰ্শনী অসমৰ ২০খন ঠাইত অনুষ্ঠিত হয় । ছাত্ৰ-ছাত্ৰী সকলে ভৱিষ্যতত ব্যৱহাৰ হ’ব পৰা বহুতো সামগ্ৰীৰ উদ্ভাৱন কৰে এই বিজ্ঞান প্ৰদৰ্শনীত । এই উদ্ভাৱনৰ ৩টা দলক পুৰস্কৃত কৰাৰ লগতে তেওঁলোকক ৰাষ্ট্ৰীয় ভিত্তিত বিজ্ঞান প্ৰদৰ্শনীতো সুযোগ লাভ কৰিব ।

এই প্ৰদৰ্শনী অনুষ্ঠানত উপস্থিত আছিল পদ্মশ্ৰীপ্ৰাপ্ত বিজ্ঞানী উদ্ভৱ ভৰালি,গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাক্তন অধ্যাপক ড° বাৰিন্দ্ৰ কুমাৰ শৰ্মা,অসম চাইন্স এণ্ড টেকনলজি ইউনিভাৰচিটিৰ ড° নিপেন দাস,অসম বিজ্ঞান সমিতিৰ সভাপতি ড° জয়ন্তী চুতীয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি ।