নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ এপ্ৰিল : অসমৰ ৫টা লোকসভা সমষ্টিত আজি নিৰ্বাচন। তেজপুৰ, কলিয়াবৰ, যোৰহাটত, ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৭৫ লাখ ১৬ হাজাৰ ২৮৪গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৪১গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত শাৰী পাতিছে ভোটাৰে। ভোটকেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষী–প্ৰশাসনে।

ইফালে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ আগতেই বিকল হ’ল ভোটিং মেচিন। কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত খুমটাই বিধানসভা সমষ্টিৰ কাবৰুগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।

একেদৰে বোকাখাতৰ ৮১নং ভোটগ্ৰহণ কেন্দ্ৰতো ই ভি এম বিকল ৷ ঢেকীয়াজুলিৰ বাঁহবেৰা এম ই স্কুল ভোটগ্ৰহণ কেন্দ্ৰতো বিকল ই ভি এম মেচিন।

আনহাতে, পাচনৈৰ ৩নং ভাগৱতী কানৈ দেৱী এম ই স্কুল ভোটগ্ৰহণ কেন্দ্ৰতো বিকল ই ভি এম মেচিন। খুমটাইৰ ৰচকীয়াল মধ্য ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ ৯৪নং কেন্দ্ৰটো ই ভি এম বিকল। ধেমাজিৰ ১৬৪নং ধেমাজি টাউন এম ই স্কুলত বিকল ভোটিং মেচিন।