গুৱাহাটী

১০ মে’

অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ল’লে জালুকবাৰী সমষ্টিত বিধায়ক গৰাকীয়ে। মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰাই ডঃ হিমন্ত বিশ্ব শৰ্মাক ফুলৰ থোপাৰে অভিনন্দন জনায় ৰাজ্যপাল জগদীশ মুখীয়ে।

সকলো জল্পনা-কল্পনাৰ অন্তত অৱশেষত অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে মহানগৰী গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰায় ৰাজ্যপাল জগদীশ মুখীয়ে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ লগতে উত্তৰ পূৱৰ কেইবাগৰাকী মুখ্যমন্ত্ৰী।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং, নৰেন্দ্ৰ সিং টোমৰ, অৰুণ সিংসহ বিজেপিৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতৃত্বও এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। আনহাতে ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে ১৩ গৰাকী বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

শপত গ্ৰহণ কৰা এই ১৩ গৰাকী বিধায়কৰ ভিতৰৰ আছে বিজেপি দলৰ ১০ গৰাকী বিধায়ক। এই ১০ গৰাকী বিধায়ক হৈছে চন্দ্ৰ মোহন পাটোৱাৰী, পিয়ুষ হাজৰিকা, ৰণজিত কুমাৰ দাস, সঞ্জয় কিষণ, পৰিমল শুক্লবৈদ্য, বিমল বৰা, অশোক সিংঘাল, যোগেন মহন, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, আনহাতে মিত্ৰজোঁট দল অসম গণ পৰিষদৰ ২ গৰাকী বিধায়ক অতুল বৰা আৰু কেশৱ মহন্ত আৰু ইউ পি পি এলৰ ১ গৰাকী বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্ম শপত গ্ৰহণ কৰে।