গুৱাহাটী 

১০ মে’

অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। উচ্চতৰ মাধ্যমিক প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা সংসদে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

দেশত মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ। প্ৰতিদিনে কেইবা লক্ষাধিক নতুনকৈ দেশত ক’ভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ ক’ভিড ৰোগী। দেশৰ অন্যান্য কেইবাখনো ৰাজ্যৰ তুলনাত অসমৰ পৰিস্থিতি বৰ্তমানেও নিয়ন্ত্ৰণ আছে যদিও অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা।

অসমত ক’ভিডৰ সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যি সকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে অনলাইনযোগে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীক দ্বিতীয় বর্ষলৈ উত্তীৰ্ণ কৰা হৈছে।

উল্লেখ্য যে ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে ২০২০ বর্ষতো উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ পৰীক্ষা বাতিল কৰা হৈছিল। ২০২০ বৰ্ষতো উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰী সকলক দ্বিতীয় বর্ষলৈ উত্তীৰ্ণ কৰা হৈছিল।