গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট: এশ গৰু মাৰিলে এদিন বাঘৰো মৰণ। ৰাজ্যত লুটপাতৰ ঘটনা কোনো নতুন কথা নহয়। দেওবাৰে আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৰ্ণাটকৰ দিলীপ মোহন জে সিং আৰু শিৱসাগৰৰ ময়ূৰ গগৈ নামৰ দুই প্ৰবঞ্চকক। উল্লেখ্য যে এই দুই প্ৰবঞ্চকে মহানগৰীৰ বেলতলাত বিতকণ নামৰ ভুৱা সংস্থা খুলি সহজ লভ্য ধনৰ লালসা দেখুৱাই নামি পৰিছিল প্ৰবঞ্চনতাত। শনিবাৰে নিশা এই দুই প্ৰবঞ্চকে ধাৰাপুৰৰ দুগৰাকী গ্ৰাহকৰ পৰা ধন নিবলৈ আহিছিল। গ্ৰাহক দুগৰাকীয়ে পূৰ্বেই পশ্চিম মণ্ডল আৰক্ষীৰ এচিপি প্ৰাঞ্জল বৰা আৰু আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তক অৱগত কৰি কৰায়ত্ব কৰাৰ পৰিকল্পনা কৰিছিল। আৰু এই গ্ৰাহক দুগৰাকীৰ সহযোগত ধাৰাপুৰ চাৰিআলিৰ পৰা আজাৰা আৰক্ষীয়ে এই প্ৰবঞ্চক দুটাক আটক কৰিবলৈ সক্ষম হয়। আজাৰা আৰক্ষীয়ে এই দুই প্ৰবঞ্চকৰ পৰা বেলতলাস্থিত ভাড়া ঘৰৰ তথা বিতকণৰ ভুৱা কাৰ্য্যালয়ৰ পৰা দুটা লেপটপ, বহু কেইটা মোবাইল, ভালে সংখ্যক বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ভুৱা নথি পত্ৰ আৰু নগদ ধন উদ্ধাৰ কৰে। ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰায় ৭০ গৰাকী গ্ৰাহকৰ পৰা বহু লক্ষাধিক টকা ধন আত্মসাত কৰি আন্তৰাষ্ট্ৰীয় বজাৰত সেই ধন বিনিয়োগ কৰি গ্ৰাহকক অধিক সুত দিয়াৰ প্ৰলোভন দেখুৱাই ধন লুটপাত কৰিছিল।