আমিনুৰ ৰহমান সৈতে আশ্ৰফৰ ৰহমান

শিৱসাগৰ

৩ ছেপ্টেম্বৰ

৩ ছেপ্টেম্বৰ, আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন আজি। এসময়ৰ অসমৰ প্ৰখ্যাত ক্ৰীড়া আলোচনী অভিৰুচিয়ে আজিৰ দিনটো অসমৰ ক্ৰীড়া দিৱস ৰূপে পালন কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে অসমৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটো অভিৰুচি ক্ৰীড়া দিৱস পালন কৰি অহা হৈছে। কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ পূৰ্বৰ দৰে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা নহ’ল।

এক বৰ্ণিল জীৱনৰ গৰাকী ভোগেশ্বৰ বৰুৱা ১৯৩৭ চনৰ ৩ চেপ্তেম্বৰত শিৱসাগৰ জিলাৰ জয়সাগৰৰ সুন্দৰপুৰত জন্ম গ্ৰহণ কৰিছিল। অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটা প্ৰাপক ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই
ফুটবল খেলুৱৈ ৰূপে ক্ৰীড়া জীৱন আৰম্ভ কৰে আৰু ১৯৬০ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰে। ১৯৬৪ – ১৯৬৫ চনৰ ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাৰ স্বৰ্ণবিজয়ী আছিল এইগৰাকী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা। ১৯৬৬ চনৰ বেংককত পঞ্চম এছিয়ান গেমচত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ প্ৰাপক হিচাপে প্ৰথম গৰাকী অসমীয়া ৰূপে পৰিগণিত হয় ভোগেশ্বৰ বৰুৱা আৰু ১৯৬৭ চনত তেওঁ লাভ কৰে অৰ্জুন বঁটা। ১৯৭০ চনত পুনৰ এছিয়ান গেমছত ৪০০ মিটাৰ ৰীলেত ৰূপৰ পদক দখল কৰা দলৰ অন্যতম সদস্য আছিল এই গৰাকী অৰ্জুন। অল ইণ্ডিয়া কাউণ্সিল অৱ স্পৰ্টচ আৰু ৰাষ্ট্ৰীয় এথলেটিক দলৰো নিৰ্বাচক আছিল ভোগেশ্বৰ বৰুৱা। ৬ বছৰ ধৰি উক্ত পদবীত কাৰ্যনিৰ্বাহ কৰিছিল ক্ৰীড়াবিদে। ১৯৬৮ চনৰ পৰা ৫০ বছৰ ধৰি অৰ্জুন বঁটা নিৰ্বাচক সমিতিৰো সদস্যই আছিল ভোগেশ্বৰ বৰুৱা। চিলাৰায় বঁটা প্ৰাপক এই গৰাকী অসম গৌৰৱৰ আজি জন্মদিনত বৰ্তমানৰ পৰিৱেশ পৰিস্থিতি লৈ দুখ প্ৰকাশ কৰে তেওঁ।

এনে পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বত যি প্ৰভাৱ পৰিছে তাৰ ফল দেখা যাব আগন্তুক অলিম্পিকত বুলি তেওঁ মত প্ৰকাশ কৰে অৰ্জুন বঁটা বিজয়ী গৰাকীয়ে। আগন্তুক অলিম্পিকত দেশ সমূহৰ ক্ৰীড়া প্ৰদৰ্শনত কৰ’ণা ভাইৰাছৰ প্ৰভাৱ দেখা যাব বুলি তেওঁ আক্ষেপেৰে কয়। আনহাতে বৰ্তমানৰ সংকটৰ সময়ত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই নিবলৈ সক্ষম হোৱা বুলি তেওঁ সন্তোষ প্ৰকাশ কৰে।