নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : মঙ্গলবাৰে লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায় । অন্তিম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৪টা সমষ্টিৰ ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৪,৭৭,০৬২ জন ভোটাৰে।গুৱাহাটীত ১৭জন, বৰপেটীত ১৩জন, কোকৰাঝাৰত ৯জন আৰু ধুবুৰীত ১৫জন প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা ।

৭৪,৭৭,০৬২ জন ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ ৩৮ লাখ ১৫ হাজাৰ ৩৩৫গৰাকী আৰু মহিলা ভোটাৰ ৩৬ লাখ ৬১ হাজাৰ ৫৭০গৰাকী। ইয়াৰোপৰি ১৫৭গৰাকী তৃতীয় লিংগৰ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।

এই লৈ পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহত দেখা গৈছে ভোটাৰৰ লানি নিছিগা সোঁত। সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰ সমূহলৈ যোৱা পৰিলক্ষিত হৈছে।

গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰৰ মুঠ ৯,৫৭৭টা ভোটকেন্দ্ৰৰ ই ভি এমত বন্দী হব ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য। ভোটকেন্দ্ৰ সমূহৰ সুৰক্ষাৰ দায়িত্বত ইতিমধ্যে অৰ্পণ কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ ২০০ টা কোম্পানী, ৪৩৬ গৰাকীকৈ পর্যবেক্ষক ,৮৩ টা ভিডিও নিৰীক্ষকৰ দল ।

গুৱাহাটীৰ ২,৫৯২টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে নিৰ্বাচন। বৰপেটাৰ ২,১৮৮টা, কোকৰাঝাৰৰ ২,৩৪৭টা, ধুবুৰী সমষ্টিৰ ২,৪৫০টা কেন্দ্ৰত অব্যাহত ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলিব ভোটগ্ৰহন প্ৰক্ৰিয়া।

ইয়াৰোপৰি ধুবুৰীত ৩১৪ টা ভোটকেন্দ্ৰ, বৰপেটাত ১৪০ টা ভোটকেন্দ্ৰ আৰু গুৱাহাটীত ১৭০ টা ভোটকেন্দ্ৰ অৱস্থিত দুৰ্গম অঞ্চলত।