নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ এপ্ৰিল : পুনৰ ৰাজনীতিৰ পৰা ওকালতিৰ বৃত্তিলৈ ঘূৰি আহিছে আৰ পি শৰ্মা। উল্লেখ্য যে আৰ পি শৰ্মা অৰ্থাৎ ৰাম প্ৰসাদ শৰ্মাই লোকসভা নিৰ্বাচনৰ বাবে তেজপুৰ সমষ্টিৰ পৰা বিজেপিৰ দলৰ হৈ টিকেট বিচাৰিছিল যদিও তেখেতে টিকেট নাপালে। লোকসভা নিৰ্বাচনৰ এই টিকেট নোপোৱাৰ ক্ষোভ যেন এতিয়াও যোৱা নাই শৰ্মাৰ। সেয়েহে এইবাৰ বিধানসভালৈ মন মেলিছে আৰ পি শৰ্মাই। ২০২১ ৰ বিধানসভালৈ সাজু হৈছে আৰ পি শৰ্মাই।

ইফালে এইবাৰৰ নিৰ্বাচনী প্ৰচাৰত সকলোতে নাচি-বাগি নিৰ্বাচনী প্ৰচাৰ চলোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ আৰ পি শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাক আৰ পি শৰ্মাইহে নচোৱাইছে। সংবাদ মাধ্যমৰ আগত শৰ্মাই কয় ” তেজপুৰৰ পৰা নাচিবলৈ বাধ্য কৰাইছে হিমন্তক । গুৱাহাটীত তেওঁ নাচিবই লাগিব । আৰ পি শৰ্মাই নচাইছেও আৰু উজুটি খাই পৰিছেও । এইয়া আৰ পি শৰ্মাৰ কামাল হয় । ”

আনহাতে, গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি কৈ আৰ পি শৰ্মাই কয় ” মই বিজেপিতে আছিলোঁ আৰু কুইন ওজাৰ হৈ নিৰ্বাচনী প্ৰচাৰো চলাইছো।

ইফালে ৰাজনীতিৰ পৰা আঁতৰি অহা নাই বুলি কৈ আৰ পি শৰ্মাই কয় যে ১২-১৪ বছৰ পৰ্যন্ত ৰাজনীতি কৰি থাকিম। চলিবলৈ হ’লে সাংসদৰ দৰমহাই দি নচলে । সেইবাবে পুনৰ ওকালতিৰ বৃত্তিলৈ ঘূৰি আহিছে শৰ্মা । পুনৰ নিজ বৃত্তিলৈ ঘূৰি আহিলেও ৰাজনীতিক বাদ দিয়া নাই শৰ্মাই।