অভয়াপুৰী, সংবাদ ৩৬৫, ১৮ অক্টোবৰ: “তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰাম চন্দ্ৰই হৰ ধনু মাৰে”। আজি কাতি বিহু। ৰাজ্যজুৰি পালন কৰা হ’ল কাতি বিহু। কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ আজি কাতি বিহু। শাৰদীয় দুৰ্গোৎসৱৰ উছাহৰ মাজতে আহি পালেহি অসমীয়া গ্ৰাম্য জীৱনৰ হেপাঁহৰ কাতি বিহু। অসমীয়া চহা জীৱনৰ সৈতে অংগাগী ভাবে জঢ়িত এই কাতিবিহু। বৰ্ষাৰ ৰৌদ্ৰশ্নাতা পথাৰত হাড়ভঙা শ্ৰমৰ পিছত পথাৰখন সোনগুটিৰে ওপচি পৰা মানসেৰে চহা কৃষকসকলে আবহমান কালৰে পৰা পালন কৰি আহিছে কাতিবিহু। ৰাজ্যৰ অন্য অন্য প্ৰান্তৰ দৰে পশ্চিম অসমৰ অভয়াপুৰী খোৰাগাওত কৃষকসকলে আজি উদযাপন কৰে কাতিবিহু। পশ্চিম অসমৰ পৰম্পৰা মতে ঔটেঙাৰ বাকলিত চাকি জ্বলাই লক্ষ্মীদেৱীক প্ৰাৰ্থনা জনায়। অনাগত সময়ত পথাৰখন গুটিধানেৰে ওপচি পৰাৰ বাবে যাতে দাৰিদ্ৰপিড়ীত কৃষক সকলে সমগ্ৰ বছৰটো অভাৱ-অনাটন অবিহনে পাৰ কৰিব পাৰি। পৰম্পৰা অনুসৰি পশ্চিম অসমৰ কৃষকসকলৰ চোতালত তুলসি ৰোপন কৰাৰ লগতে নিজ নিজ পথাৰতো এজোপা তুলসি ৰোপন কৰি পথাৰখন শস্যশাম্যলা হৈ পৰাৰ কামনা কৰে।