মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

৩ ছেপ্টেম্বৰ

গোসাইগাঁৱৰ বুঢ়ী চাটাম গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। শহুৰেকৰ ঘৰত গৈ পত্নীক ডিঙি কাটি হত্যা কৰি নিজেও আত্মহত্যা অপচেষ্ট চলালে এজনে।

বঙাইগাঁও জিলাৰ গোসাঁইগাঁও থানাৰ অন্তৰ্গত বুঢ়ী চাটাম গাঁৱত বুধবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। গাঁওখনৰ বাসিন্দা নুৰ আলম শ্বেখ নামৰ এজন লোকে খুকুৰীৰে পত্নীৰ ডিঙি কাটি হত্যা কৰি নিজেও আত্মহত্যাৰ অপচেষ্টা চলায়। জানিব পৰা মতে নুৰ আলম শ্বেখ নামৰ লোকজনে পিতৃগৃহত থকা তেওঁৰ পত্নী সহিনুৰ খাতুনক ডিঙি কাটি হত্যা কৰি নিজেও আত্মহত্যাৰ অপচেষ্টা চলায় যদিও অতি সংকটজনক অৱস্থাত ৰাইজে নুৰ আলম শ্বেখক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছত নুৰ আলম শ্বেখৰ পত্নী সহিনুৰ খাতুনৰ পিতৃগৃহৰ পৰিয়ালৰ সকলো লোক পলাই যায়। বৰ্তমানলৈকে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে।

উল্লেখ্য যে, নুৰ আলম শ্বেখ এটি সন্তানৰ পিতৃ আৰু সম্প্ৰতি তেওঁ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে৷ উক্ত হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ গোসাঁইগাঁও মহকুমা ।