হোজাই, সংবাদ ৩৬৫, ১৮ জুলাইঃ ৰাজ্য খনত ছালানি মাছ আৰু গাখীৰ ভেজাল প্ৰমাণিত হোৱাৰ পিছত এইবাৰ হোজাই জিলাৰ লংকাতো ওলাল আপেলত ভেজাল। সকলোৱে খাই ভাল পোৱা এই সুস্বাদু ফলবিধ বৰ্তমান ফলৰ খাদ্যৰ তালিকাৰ ভিতৰত শীৰ্ষ স্থানেই পায় । সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খাই ভাল পোৱা এই ফলবিধ আপেল কিন্তু বৰ্তমান বজাৰত কিমান দূৰ মানৱ দেহাৰ বাবে উপযোগী সেয়া হে এতিয় ভাৱিবলগীয়া প্ৰশ্ন। আপেলৰ বাকলিত ব্লেডৰে চুচাত উলাই পৰিছে আশ্বৰ্য্যজনক মিহি প্লাষ্টিক জাতীয় পদাৰ্থ। লংকা বজাৰৰ খুচুৰা বিক্ৰেতা এজনৰ পৰা গ্ৰাহকে ঘৰলৈ বুলি কিনিছিল আপেল । আপেল খোৱাৰ সময়ত প্ৰত্যহ্ম কৰে আপেলটোৰ ওপৰভাগত কিছু পিছল যেন অনুভৱ কৰাত ব্লেডেৰে চুচি দিয়াত প্লাষ্টিক জাতীয় পদাৰ্থ ওলাই পৰে। লংকা বজাৰস্থিত পাইকাৰী আৰু খুছুৰা বেপাৰী সকলে বৰ্তমান সময়ত বজাৰ সমূহত দুবিধ আপেল উপলব্ধ কৰাই আছে । সেই দুবিধ হ’ল – ৱাচিংটন, আৰু ইণ্ডিয়ান আপেল । ৱাচিংটন আপেল বিধ ৰংচঙীয়া হোৱাৰ লগতে প্লাষ্টিক প্ৰলেপ থকা বুলি অনিশ্চাকৃতভাবে প্ৰকাশ কৰে । এতিয়া কথা হল ব্যৱসায়ী সকলে তেওঁ লোকৰ মুনাফা আদায়ৰ বাবেই সাধাৰণ গ্ৰাহকক সুস্বাদু খাদ্যৰ নামত বৰবিহ খোৱাব নেকি ? আপেলৰ বাকলিত মিহি প্লাষ্টিক জাতীয় প্ৰলেপ লগাই বিক্ৰী অসাধু ব্যৱসায়ীৰ। আপেল প্ৰিয় ৰাইজৰ মাজত আপেল ক্ৰয় কৰিৱলৈ ভয় শংকই বিৰাজ কৰিছে। এই বিষয়ে নিৰৱ ভূমিকাত জিলা খাদ্য সুৰক্ষা বিভাগৰ।