গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মাৰ্চ: দেশৰ ভিতৰতে সৰ্ববৃহৎ বিদেশী বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় চক্ৰ উৎখাত৷ বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ত জড়িত এটা আন্তঃৰাষ্ট্ৰীয় স্মাগলাৰক গুৱাহাটীত আটক৷ সচৰাচৰ আমাৰ দেশত নাম শুনিবলৈ নোপোৱা এক্সটিক পেথ, ছুগাৰ গ্লাইডাৰ, আফ্ৰিকাৰ গবুন ভাইপাৰ, দক্ষিণ আমেৰিকাৰ বৰ্ষাৰণ্যৰ মেৰে কেট, আফ্ৰিকাত পোৱা বিশ্বৰ ক্ষুদ্ৰতম প্ৰজাতিৰ বান্দৰ মাৰ্মাছেট, মাদাগাস্কাৰৰ আলডাড্ৰা টাৰটলসহ মুঠ ৯টা আপুৰুগীয়াবন্যপ্ৰাণী যোৰাবাটত উদ্ধাৰ৷

জীৱন্ত অৱস্থাত উদ্ধাৰ কৰি বন্যপ্ৰাণীসমূহ যোৰাবাট আৰক্ষীয়ে অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে৷ শনিবাৰেদিনৰ ১১  বজাত মহানগৰীৰ যোৰাবাটত আটক কৰা হয় কুখ্যাত স্মাগলাৰটোক৷ দীৰ্ঘদিনে দুষ্প্ৰাপ্য সাপ, বান্দৰ, কাছ আদিকে ধৰি বিভিন্ন জীৱজন্তুৰচোৰাং ব্যৱসায় চলাই আহিছিল স্মাগলাৰটোৱে৷ সুদূৰ ঠাইলেণ্ডৰ পৰা কেইবা কোটি টকাৰ বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী লৈ আইজল হৈ শনিবাৰে অসমত প্ৰৱেশ কৰিছিল৷ বহুদিনৰ পৰা চোৰাং ব্যৱসায়ত জড়িত উত্তৰ প্ৰদেশৰ স্মাগলাৰটোৱে দিল্লীকে ধৰি দেশৰ কেইবাঠাইলৈ বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীসমূহ সৰবৰাহ কৰে৷

দিল্লীলৈ ৰাওনা হোৱাৰ মুহূৰ্ততে যোৰাবাট আৰক্ষীৰ জালত পৰে স্মাগলাৰটো৷ আৰক্ষী আৰু অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ দাবী, দেশত একেলগে ইমানখিনি বিদেশী বন্যপ্ৰাণী উদ্ধাৰৰ ঘটনা এয়ে পোনপ্ৰথমবাৰৰ বাবে সংঘটিত হৈছে৷  উদ্ধাৰৰ পিছতে বন্যপ্ৰাণীকেইটাকচিৰিয়াখানাত পৰীক্ষা-নিৰীক্ষা কৰা হয়৷ বিদেশৰ  বিৰল প্ৰাণীকেইবিধক অনুকূল পৰিৱেশত ৰাখি আপদাল কৰাৰ বাবে বৰ্ষাৰণ্য সদৃশ পৰিবেশ সৃষ্টি কৰাত অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ ব্যস্ত হৈ পৰিছে৷ এখন টাটা ছুমোত দুটা বাকচত ভৰাই অনা হৈছিল এই বন্যপ্ৰাণীসমূহ৷ অধিক তথ্যৰবাবে বৰ্তমান মহানগৰ আৰক্ষীয়ে কুখ্যাত স্মাগলাৰটোৰ সোধা-পোছা অব্যাহত ৰাখিছে আৰু এই ঘটনাৰ আঁৰত যে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় গেং জড়িত আছে সেই কথা সন্দেহ কৰিছে৷