কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৪ মাৰ্চ: বনাঞ্চল ধ্বংস পৰিণতিত ৰাজ্যত বন্যপ্ৰাণী সমূহৰ মুক্ত বিচনস্থলীত অভাৱ হৈ পৰাত বন্যপ্ৰাণী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে। বিচনস্থলী অভাৱত হাতী, বাঘৰ লগতে অন্যান্য বন্যপ্ৰাণী সমূহ জনাঞ্চললৈ ঢাপলি মেলিছে। শুক্ৰবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱৰ দুদু মিয়া নামৰ এজন ব্যক্তিৰ ঘৰৰ পিছফালে ৰাতিৰ অন্ধকাৰত এই দুষ্পাপ্য প্ৰাণীয়ে এক ভয়ংকৰ বিকট শব্দ কৰাৰ ফলত স্থানীয় ৰাইজ আতংকিত হৈ পৰে আৰু শনিবাৰে পুৱা গাঁৱৰ ৰাইজ একত্ৰিত হৈ দুদু মিয়াৰ ঘৰৰ পিছফালৰ পৰা দুটাকৈ জহমল উদ্ধাৰ কৰে। পিছত অঞ্চলবাসীয়ে উদ্ধাৰ কৰা জহামল দুটা বৰপেটা ৰোডস্থিৰ ব্যাগ্ৰ প্ৰকল্পত ফোন কৰে যদিও ব্যাগ্ৰ প্ৰকল্পতোৰ পৰা ৰাইজে কোনোধৰণৰ সঁহাৰি নাপায় বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।