কলগাছিয়া, সংবাদ৩৬৫, ১০ এপ্ৰিল : হোটেলত গো-মাংস বিক্ৰী কৰাক কেন্দ্ৰ কৰি বিশ্বনাথ চাৰিআলিত এজন ব্যক্তিক মাৰপিট কৰি গাহৰিৰ মাংস বলপূৰ্বক ভাৱে খোৱাই দিয়া দুস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত আজি বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাত কলগাছিয়া ছাত্ৰ-মুক্তিয়ে গোচৰ দাখিল কৰে।

উল্লেখ্য যে, ২ দিন পূৰ্বে এজন ব্যক্তিক আঁঠু কৰাই মাৰিপিট কৰাৰ লগতে বলপূৰ্বক গাহৰি মাংস খুৱাই দিয়াৰ ভিডিও চচিয়েল মিডিয়াত ব্যাপক ভাৱে ভাইৰেল হয়। পিছত জানিব পৰা যায় যে উক্ত ঘটনাটো বিশ্বনাথ চাৰিআলিৰ।

এই ঘটনাক কেন্দ্ৰ কৰি গোটেই অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। আজি কলগাছিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দুস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত কালগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে। দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলিও ভাবুকি দিয়ে।