গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মে’ : পুনৰবাৰ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত গুৱাহাটী প্ৰেছ ক্লাৱত এজন শিল্পীয়ে তেজেৰে অংকন কৰি উলিয়ালে মোদীৰ চিত্ৰ। নাম গৌতম বৰ্ধন। মোদী কেবিনেটৰ শপত গ্ৰহণৰ দিনটোতে নিজৰ তেজেৰে এনেদৰে ছবি অংকন কৰিলে গৌতম বৰ্ধনে ।

উল্লেখযোগ্য যে পূৰ্বেও সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, মামনি ৰয়ছম গোস্বামী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামক অংকন কৰিছিল বুলি তেওঁ জনায়। ১৯৯৪ চনৰ পৰা তেওঁ এনেদৰে তেজেৰে মুঠ ১২৪ খন চিত্ৰ অংকন কৰিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে।

আনহাতে, ২০০৪ চনতো তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ চিত্ৰ আঁকি প্ৰেৰণ কৰিছিল। ইয়াৰোপৰি ডঃ ভূপেন হাজৰিকা, মামনি ৰয়ছম গোস্বামী, ভগৱৎ সিঙৰ ছবিও অংকন কৰিছিল বুলি গৌতম বৰ্ধনে জানিবলৈ দিয়ে ।

ইয়াৰোপৰি ২০১৪ চনতো তেওঁ প্ৰধান মন্ত্ৰীক প্ৰথমবাৰৰ বাবে অংকন কৰিছিল আৰু আজি গুৱাহাটী প্ৰেছ ক্লাৱতদ্বিতীয় বাৰলৈ অংকন কৰিলে। এইবাৰো প্ৰধান মন্ত্ৰীৰ প্ৰতিশ্ৰুতি পালে মোদীক এই ফটো উপহাৰ দিব তেওঁ।

অসম খনক সকলো দিশৰ পৰা ভাৰতৰ ভিতৰতে প্ৰথম স্থানত ৰাখিব লাগিব চিত্ৰ অংকন কৰি উঠি এই মন্তব্য চিত্ৰশিল্পীজনৰ।ছাত্ৰ ছাত্ৰী বা ল’ৰা ছোৱালীক এই কাম কৰিবলৈ মানা কৰি তেওঁ কয় যে তেওঁ বিশেষ সাধনাৰ ফলত এই শক্তি পাইছে।

তেওঁ মহাপুৰুষ, ভূপেন হাজৰিকা, মামনি ৰয়ছম গোস্বামী, ভগৱৎ সিঙৰ লগতে আলফাৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাৰ ফটো আঁকে বুলিও তেওঁ জানিবলৈ দিয়ে।