দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৮ মাৰ্চ : এগৰাকী বাইক চলাই ঘুৰি ফুৰা সাহসী মহিলা । নাম অঞ্জলি দাস । দক্ষিণ কামৰূপৰ ছাতাবাৰীৰ জীয়ৰী তথা বৰিহাটৰ বোৱাৰী অঞ্জলি দাসে শৈশৱৰ পৰাই খেলা-ধূলাত দেখুৱাই আহিছে বিশেষ পাৰদৰ্শিতা । আনকি ৰাষ্ট্ৰীয় পৰ্যায়ত কলকাতাত অনুষ্ঠিত হোৱা মাৰথান দৌৰত দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি ভাৰত ৰত্ন শচীন টেণ্ডুলকাৰে মেডেল প্ৰদান কৰিছিল এই মহিলাগৰাকীক ।

দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হোৱা এইগৰাকী মহিলাই অহা এপ্ৰিল মাহত মাউন্ট এভাৰেষ্ট জয় কৰিবলৈ নিৰ্বাচিত হৈছে । কিন্তু আৰ্থিক দৈন্যতাই হতাশ কৰিছে মহিলাগৰাকীক । প্ৰায় ৩২ লাখ টকা ব্যয় হ’ব লগীয়া এই যাত্ৰাৰ বাবে প্ৰায় ৩ মাহ পূৰ্বে স্বামীক হেৰুৱা অঞ্জলীৰ নাই সামৰ্থ । ৰাজ্যৰ মুখ্যমন্ত্ৰীক আৰ্থিক সহায়ৰ বাবে আবেদন জনাইছে যদিও এতিয়ালৈ কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই । অঞ্জলিৰ এই যাত্ৰাত তেখেতে বিছাৰিছে কিছু আৰ্থিক সহাৰি ।

চৰকাৰৰ আৰ্থিক সহায় অবিহনে অঞ্জলিয়ে সফল হব নোৱাৰিব এভাৰেষ্টৰ এই যাত্ৰা । অঞ্জলিৰ ওচৰত কিছু শুভকাংশীয়ে তেওঁৰ লগত থিয় দিছে যদিও সেয়া পৰ্যাপ্ত নহয় । পিতৃয়ে যদিও সেনাবাহিনীত কাম কৰিছিল এতিয়া তেওঁ অৱসৰপ্ৰাপ্ত সেয়ে নিজৰ কন্যাক কিছু সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনাইছে ।

কোনোবা সদাশয় ব্যক্তিয়ে যদি অঞ্জলিক সহায়ৰ হাত আগবঢ়াই তেন্তে এছ বি আইৰ একাউণ্ট নম্বৰ ২০৩১৯৯৫৭৪৯৩ সহায়ৰ হাত আগবঢ়াব পাৰে অন্যথ্যা ৯৩৬৫২৩১৫০৩ নম্বৰত যোগাযোগ কৰিব পাৰে ।