বঙাইগাঁও, সংবাদ ৩৬৫, ১৭ মাৰ্চ : বঙাইগাঁও সদৰ চহৰৰ মছজিদৰ পিচফালে কাপোৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় কেইবাখনো দোকান লগতে কেইবা কোটি টকাৰ সা-সম্পত্তি।

চিৰাং-বঙাইগাঁও দুয়োখন জিলাৰ চাৰিখন অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ।

আনহাতে, এশ মিটাৰ ব্যৱধানতে সৃষ্টি হৈছে আন এটা অগ্নিকাণ্ড। বঙাইগাঁও সদৰৰ পাগলাস্থানৰ বি এচ এন এল কাৰ্য্যালয়ৰ ওচৰৰ এটা বিল্ডিঙটো অগ্নিকাণ্ড সংঘটিত হৈছে। ক্ৰমাৎ ভয়ানক হৈ পৰিছে সমগ্ৰ পৰিস্থিতি।