গোলাঘাট, ৮ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বাদুলিপাৰ স্থিত ইণ্ডিয়ান বেংকৰ ৰঙামাটি শাখাত বৃহৎ অনিয়ম কথা পোহৰলৈ আহিছে। ১০ লাখৰো অধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে বেংক মিত্ৰ পল্লৱ গগৈৰ বিৰুদ্ধে। উল্লেখ্য যে বাদুলিপাৰ স্থিত ৰঙামাটিৰ ইণ্ডিয়ান বেংক শাখাটোৰ বেংক মিত্ৰ পল্লৱ গগৈয়ে গ্ৰামাঞ্চলৰ গ্ৰাহকৰ পৰা সংগ্ৰহ কৰাৰ ১০ লাখৰো অধিক টকা অতি কৌশলেৰে আত্মসাত কৰা বুলি জানিব পৰা গৈছে। শুক্ৰবাৰে পুৱা বেংকত নিজৰ প্ৰাপ্য জমা টকা বেংকৰ জমা বিহীত আপডেট কৰিবলৈ আহি একাউণ্ট টকা জমা নোহোৱাত হতবাক হৈ পৰে বহু গ্ৰাহক। উক্ত বিষয়টো বেংকটোৰ সঞ্চালকক গ্ৰহকসকলে অৱগত কৰাত বেংকৰ সঞ্চালক গৰাকীয়ে অজ্ঞাত প্ৰকাশ কৰাত গ্ৰাহক সকলে ক্ষোভ প্ৰকাশ কৰে।
বেংকটোৰ সঞ্চালক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া যে পল্লৱ গগৈয়ে কৰা অনিয়মৰ সম্পৰ্কে বেংকে আৰক্ষীক অৱগত কৰিছে আৰু আৰক্ষীৰ তদন্তৰ পিছতে প্রকৃত ঘটনা জানিব পৰা যাব।