গুৱাহাটী, ৮ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ব্লুপ্ৰিন্ট ৰচনা কৰি দুজনকৈ লোক গ্ৰেপ্তাৰ হোৱা ঘটনাই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীক হত্যা কৰাৰ বিনিময়ত ধন বিচাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক দুজনকৈ লোকে এছএমএছ প্ৰেৰণ কৰিছিল। স্বাস্থ্য বিভাগৰ দুজন কৰ্মচাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰাৰ বিনিময়ত ৫ কোটি টকা বিচাৰি এছএমএছ প্ৰেৰণ কৰিছিল। এছএমএছ পোৱাৰ পিছত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ঘটনাটো অসম আৰক্ষী সঞ্চলক প্ৰধানক অৱগত কৰাত আৰক্ষীয়ে তদন্ত কৰি স্বাস্থ্যবিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পৱন আলী আৰু ফকৰুদ্দিন আলী নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত লোক দুজনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বোমাৰে উৰুৱাই হত্যা কৰাৰ বাবে এছএমএছ প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীক এনেদৰে হত্যা কৰাৰ এছএমএছ প্ৰেৰণ কৰা কাৰ্যই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে এই ঘটনাৰ প্রকৃত ৰহস্য এতিয়াও ফাদিল হোৱা নাই যদিও ইয়াৰ আঁৰত এক ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি বিভিন্ন মহলে অভিহিত কৰিছে।