চৰাইদেউ, ৮ ডিচেম্বৰঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত টিটলাগড়ত শুক্ৰবাৰে আবেলি প্ৰায় ৪.৩০ বজাত এক ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়। এএছ-০৬ বিচি- ১৯৪৯ নম্বৰৰ ডাম্পাৰ এখনে উত্তৰ চোমদাৰ গাওঁৰ নিবাসী মংলোওৰাং আৰু বিনা ওৰাংৰ ৮ বছৰীয়া কন্যা পূৰ্ণিমা ওৰাংক মহতিয়াই নিয়াত ঘটনাস্থলীতে শিশু গৰাকীৰ মৃত্যু হয়। শুক্ৰবাৰে আবেলি মাতৃ বীনা ওৰাংৰ সৈতে পূৰ্ণিমা ওৰাং নামৰ শিশু গৰাকী চাইকেলেৰে আহি থকাতে ডাম্পাৰে চাইকেলখন মহতিয়াই নিয়ে। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰৰ ড্ৰাইভাৰে দুৰ্ঘটনাস্থলীৰ পৰা পলায়ন কৰি বৰহাট আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। বৰহাট আৰক্ষীয়ে মৃত শিশু পূৰ্ণিমা ওৰাংৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ত প্ৰেৰণ কৰিছে।