ইয়াছিন আলী

বঙাইগাঁও

২১ অক্টোবৰ

বিধায়কৰ পুত্ৰ হ’লে ঠিকাৰ লগতে দুৰ্নীতিৰো অনুমতি পায় নেকি? মাণিকপুৰৰ ঝাউবাৰী গাঁও পঞ্চায়তত দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ। বিধায়কৰ পুত্ৰই নামমাত্ৰ কাম কৰি সিংহভাগ টকা আত্মসাত কৰাৰ অভিযোগ ৰাইজৰ।

 

বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত নোৱাগাঁও গড়কাপ্তানি পথত চলি থকা দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় বিধায়ক আব্দুল হাই নাগৰিৰ একমাত্ৰ পুত্ৰ মস্তফা কামাল নাগৰিয়ে দলংখনৰ নিবিদা লাভ কৰাৰ পিছত দলংখনৰ কাম আৰম্ভ কৰি বৃহৎ দুৰ্নীতিৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। দলংখনত কেৱল দুটা শাৰীত খুটি পুতাৰ লগতে একেবাৰে পুৰণি তথা পচিবলৈ আৰম্ভ কৰা কাঠ আৰু পুৰণা জয়েচ (চিৰি)ৰ সহায়ত নিৰ্মাণ কাম কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে দলংখনৰ খুটিবোৰ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ নকৰি ঘৰুৱা পদ্ধতিৰে খান্দি মাত্ৰ কেইফুট মানকৈ পুতিছে বুলি দলংখনৰ নিৰ্মাণ কামত জড়িত মিস্ত্ৰীয়ে মন্তব্য প্ৰদান কৰিছে। গড়কাপ্তানি বিভাগে দলংখনৰ বাবে ১৬ লাখ টকা আবন্টন দিছে যদিও বিধায়ক গৰাকীৰ পুত্ৰই দলংখনৰ কাম মাত্ৰ ২-৩ লাখ টকাত অতি নিম্ন মানৰ কৰি মাত্ৰ সিংহভাগ টকা আত্মসাত কৰাৰ ফন্দী কৰিছে বুলি ৰাইজে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে।

দলং নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱা বাবে ৰাইজে প্ৰতিবাদ কৰি কাম স্থগিত কৰিবলৈ দাবী কৰিছিল যদিওঁ পিতৃ বিধায়ক হোৱা বাবে ৰাইজৰ কথাক তিলমানো গুৰুত্ব নিদি ঠিকাদাৰে দলংখনৰ নিৰ্মাণ কাম চলাই আছে বুলিও মন্তব্য প্ৰদান কৰিছে ৰাইজে। দলংখনৰ নিৰ্মাণ কাম স্থগিত ৰাখি কামৰ উচিত তদন্ত কৰি দুৰ্নীতিমুক্তভাৱে দলংখন নিৰ্মাণ কৰিবলৈ ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।