গুৱাহাটী, ২৮ মেঃ উত্তৰ-পূব সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ এখন বৈঠকখন ফাঁচী বজাৰৰ কুবেৰ হোটেলত অনুষ্ঠিত হয়৷ গ্ৰীষ্মকালীন কবি সন্মিলন শীৰ্ষক নামেৰে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে সন্মিলনৰ স্থায়ী সভাপতি ৰাম কুমাৰ বৰুৱাই৷  দীৰ্ঘদিন ধৰি ৰাজ্যৰ সাহিত্য ক্ষেত্ৰত বিশেষ বৰঙনি যোগাই অহা উত্তৰ-পূব সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ কাৰ্যপন্থা অসমৰ বাহিৰত প্ৰসাৰ কৰাৰ কাৰণে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ প্ৰথম পৰ্যায়ত সন্মিলনে মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত ইয়াৰ শাখা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰ পিছত পৰ্যায়ক্ৰমে সন্মিলনৰ কাৰ্যপন্থা উত্তৰ-পূবাঞ্চলৰ আন ৰাজ্যসমূহত প্ৰসাৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সভাত এখন কৰ্ণধাৰ কমিটিও গঠন কৰা হয়৷ উল্লেখ্য যে, উত্তৰ-পূব সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ অধিবেশনখন অলপতে জাপৰিগোগত অনুষ্ঠিত হৈ যায়৷ অধিবেশনত ৰাম কুমাৰ বৰুৱা সভাপতি, দুৰ্লভ গোস্বামী কাৰ্য্যকৰী সভাপতি, প্ৰমোদ চন্দ্ৰ দাস সম্পাদক প্ৰধান আৰু জয়ন্ত বৰপূজাৰী, হিতেশ চন্দ্ৰ কলিতা, চন্দন শইকীয়া, হৃতিকেশ দাস সম্পাদক হিচাপে নিৰ্বাচিত কৰি নতুন কমিটিখন গঠনৰ দ্বায়িত্ব দিয়া হয়৷ সন্মিলনৰ বৈঠকত নৱ-নিৰ্বাচিত সভাপতি ৰাম কুমাৰ বৰুৱাই আগন্তুক ২ বছৰৰ কাৰণে যুগুতোৱা নতুন কাৰ্য্য নিৰ্বাহক সমিতিখনৰ খতিয়ানো দাঙি ধৰে৷ সভাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা নবীন-প্ৰবীণ কবিসকলে স্ব-ৰচিত কবিতা পাঠ কৰে৷ কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়ায় উৎপলা বৰুৱাই৷