তিতাবৰ, ২৯ মেঃ এক বৃদ্ধক আশ্ৰয় প্ৰদানেৰে মানৱতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে তিতাবৰবাসীয়ে৷ বিগত চাৰি বছৰ ধৰি তিতাবৰৰ বেছিক ৰেলগেটৰ সমীপৰ এটি জিৰনী চ’ৰাত এজন বৃদ্ধই আশ্ৰয় শিবিৰ হিচাবে বাছি লৈছিল৷ গৃহহীন বৃদ্ধজন সত্যনাৰায়ন গগৈ৷ তিতাবৰৰ স্থানীয় ৰাইজে জিৰণী চ’ৰাটোতে বৃদ্ধজনৰ খোৱা-বোৱা, কাপোৰ আদিৰ ব্যৱস্থালৈ প্ৰতিপালন কৰি আছিল৷ চাৰি বছৰত বৃদ্ধজনৰ কোনো পৰিয়ালৰ লোক নোলোৱাত অৱশেষত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতি, তিতাবৰ প্ৰতিবন্ধি মুকবধি বিদ্যালয়ৰ প্ৰতিনিধি আৰু তিতাবৰৰ ব্যৱসায়ী সকলে বৃদ্ধজনক নগাঁওৰ গ্ৰাম বিকাশ পৰিষদলৈ প্ৰেৰণ কৰে৷ তিতাবৰ মহকুমাধিপতি কমলজ্যোতি তালুকদাৰৰ লগতে তিতাবৰ মহকুমা প্ৰশাসনে এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াইছে৷ তিতাবৰ বাসীৰ এই পদক্ষেপে মানৱতাৰ বাৰ্তা প্ৰেৰণ কৰিছে সমগ্ৰ দেশবাসীলৈ৷