আজিজ আলী

নলবাৰী

২৬ অক্টোবৰ

মুকালমুৱাৰ ৰামপুৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ’ল চাৰিখনকৈ দোকানসহ কেইবালাখ টকাৰ সম্পত্তি। অগ্নিকাণ্ডস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ।

দশমীৰ আনন্দৰ মাজতে নলবাৰী জিলাৰ বাৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ ৰামপুৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। ৰামপুৰত চ‘ক বজাৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয় চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান৷ বজাৰখনত থকা চাত্তাৰ আলীৰ গডৰেজ আলমিৰা দোকানৰ পৰা সুত্ৰপাত হোৱা অগ্নিকাণ্ডত চম্পক বৈশ্যৰ চাহৰ দোকান, লক্ষ্য বৰ্মনৰ চেণ্ডেলৰ দোকান আৰু আলী চান্দৰ সাৰৰ দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷ অগ্নিকাণ্ডৰ ফলত ৰামপুৰৰ সমগ্ৰ আকাশত বহু সময় ধৰি কলা ধোৱাই চানি ধৰে আৰু জুইত জাহ যোৱা দোকান চাৰিখনৰ কেইবালাখ টকাৰ সম্পত্তি পলকতে ভস্মীভূত হয়। ইফালে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত কৰে ৰাইজে। অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ পূৰ্বেই চাৰিখনকৈ দোকান জ্বলি ভস্মীভূত হয়৷

অৱশ্যে পলমকৈ হ’লেও অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হোৱাত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো। অগ্নিকাণ্ডস্থলীত মুহূৰ্ততে অঞ্চলটোৰ হাজাৰ, হাজাৰ লোকৰ সমাগম হোৱাও পৰিলক্ষিত হয়।