গুৱাহাটী, সংবাদ ৩৬৫,২৭ফেব্ৰুৱাৰী: বুধবাৰে গুৱাহাটীৰ আমবাৰীত ভাৰতৰ ব্যক্তিগত খণ্ডৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংকে গুৱাহাটী আৰক্ষীৰ সহযোগত “ট্ৰেফিক পাঠশালা “শীৰ্ষক এক কাৰ্যসূচীৰ মুকলি কৰে । এই কাৰ্যসূচীৰ জৰিয়তে গুৱাহাটীবাসীক পথ সুৰক্ষা সন্দৰ্ভত পালন কৰিবলগীয়া নীতি-নিয়ম সম্পৰ্কে সজাগতা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰে।

উক্ত অনুষ্ঠানৰ কাৰ্য্যসূচী মুকলি কৰে গুৱাহাটীৰ পৰিবহণ আৰক্ষীৰ উপায়ুক্ত শ্ৰী প্ৰশান্ত শইকীয়া আৰু এইচ ডি এফ চি বেংকৰ খুচুৰা শাখা বেংকিঙৰ উপাধ্য‌‌ক্ষ শ্ৰী হেমন্ত বায়নে।”ট্রেফিক পাঠশালা”ৰ স্বেচ্ছাসেৱীসকলৰ ৰে’লীক পতাকা জোকাৰি মুকলি কৰা হয় এই কাৰ্যসূচী।

সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় যে এই পদক্ষেপৰ জৰিয়তে প্ৰায় দহ সহস্ৰাধিক লোক উপকৃত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ প্ৰধান পথসমূহ যেনে কছাৰী ঘাট, পল্টন বজাৰ,জি এছ ৰোড,আদাবাৰী আৰু চান্দমাৰীক সামৰি এই কাৰ্যসূচী লোৱা হৈছে।

এই সজাগতা ৰেলীত এইচ ডি এফ চি বেংকৰ কৰ্মচাৰীৰ সৈতে স্বেচ্ছাসেৱীৰ এটা দলে গুৱাহাটীৰ ব্যস্ত আৰু গুৰুত্বপূৰ্ণ পথসমূহত ট্ৰেফিক সজাগতা বিষয়ক প্লে’কাৰ্ড প্ৰদৰ্শন কৰি জনসাধাৰণক পথ সুৰক্ষাৰ নিয়মাৱলী সম্পৰ্কে সজাগ কৰাৰ প্ৰয়াস কৰিব। ইয়াৰোপৰি ট্ৰেফিক অনুশাসন মানি চলা চালকসকলক স্বেচ্ছাসেৱী ৰ দলটোৱে কৃতজ্ঞতা ৰ চীন স্বৰূপে পুৰস্কৃত কৰাৰ লগতে অনুশাসন ভংগ কাৰীক ট্ৰেফিক পাঠশালাত পঞ্জীকৃত কৰি পথ সুৰক্ষাৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া বিষয় সম্পৰ্কে অৱগত কৰিব।

উক্ত পদক্ষেপ সন্দৰ্ভত এইচ ডি এফ চি বেংকৰ খুচুৰা শাখাৰ বেংকিংৰ উপাধ্যক্ষ শ্ৰী হেমন্ত বায়নে কয় যে এই পদক্ষেপত আমি গুৱাহাটী আৰক্ষীৰ সৈতে সহযোগিতা স্থাপন কৰি অতিশয় উৎফুল্লিত হৈছোঁ। এইচ ডি এফ চি বেংকক আমি সমাজক সেৱাৰ মূল্য ঘূৰাই দিয়াত বিশ্বাস কৰোঁ। ট্ৰেফিক পাঠশালাৰ জৰিয়তে আমি মহানগৰীৰ জনসাধাৰণক পথ সুৰক্ষা সন্দৰ্ভত কৰিবলগীয়া আৰু নকৰিবলগীয়া সম্পৰ্কে সজাগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছোঁ। আমি বিশ্বাস কৰোঁ যে মহানগৰীত বৰ্ধিত দুৰ্ঘটনাসমূহ ৰোধ কৰিবৰ বাবে ই অতিশয় প্ৰয়োজনীয়।