তামুলপুৰ ,সংবাদ ৩৬৫,২৭ ফেব্ৰুৱাৰী: পুলৱামাৰ ভয়ংকৰ বিস্ফোৰণত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ কলবাৰীৰ বাসগৃহত মন্ত্ৰী,বিধায়কৰ পৰা দল-সংগঠনৰ সকলোৱে শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৰৈ নাথাকিল বাবা ৰামদেৱো।

বুধবাৰে আবেলি বীৰ স্বহীদ মনেশ্বৰ বসুমতাৰী বাসগৃহত উপস্থিত হয় বাবা ৰামদেৱ । স্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্বহীদগৰাকীৰ পত্নী, পুত্ৰ আৰু কন্যাক লগ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে। বাবা ৰামদেৱে স্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়াললৈ ২.৫০ লাখ টকা আৰ্থিক অনুদান (চেক) আগবঢ়াই।

সাংবাদিকৰে হোৱা এক সাৎক্ষাতকাৰত বাবা ৰামদেৱে বীৰ স্বহীদ মনেশ্বৰ বসুমতাৰীৰ পুত্ৰ-কন্যাক সাহসৰে কাম কৰি যাবলৈ আহ্বান জনায়। আনহাতে, পাকিস্তানৰ সন্ত্ৰাসবাদী নিহত হোৱাত বায়ু সেনা আৰু ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে বাবা ৰাম দেৱে।