কুন্দন ভৰালী

নগাঁও

১৮ অক্টোবৰ

এইবাৰ গো-মাংসৰ দোকান বন্ধ কৰাৰ দাবী মুছলমান সম্প্ৰদায়ৰ লোকৰ। নগাঁৱত গো-মাংসৰ দোকান বন্ধৰ দাবী মুছলমান সম্প্ৰদায়ৰ লোকৰ। গো-মাংসৰ দোকান বন্ধ কৰাৰ দাবীত নগাওঁ সদৰ থানাত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শতাধিক পুৰুষ-মহিলা।

গো-মাংসক কেন্দ্ৰ কৰি দেশত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। কেতিয়াবা যদি গো-মাংসৰ নামত দেশৰ বিভিন্ন স্থানত গণ প্ৰহাৰৰ নিচিনা আমানৱীয় ঘটনা সংঘটিত হৈছে কেতিয়াবা আকৌ এইখন অসমতে বাঘক গো-মাংস প্ৰদানৰ বিৰোধিতা দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে আকৌ গো-মাংসক কেন্দ্ৰ কৰি লুটিছে ৰাজনৈতিক মুনাফা। ইয়াৰ মাজতে এইবাৰ মুছলাম সম্প্ৰদায়ৰ লোক সকলৰ বিৰোধিতা কৰিছে গো-মাংসৰ বিক্ৰীৰ। গো-মাংসৰ দোকান বন্ধ কৰাৰ দাবী তুলিছে মুছলমান সম্প্ৰদায়ৰ লোক। নগাঁও জিলাৰ বৰবজাৰত নীতিবৰ্হিভূতভাৱে চলি থকা সাতখনকৈ গো-মাংসৰ দোকান বন্ধ কৰাৰ দাবী জনাইছে মুছলমান সম্প্ৰদায়ৰ লোক। উল্লেখ্য যে বহু দিন পূৰ্বৰে পৰা বজাৰখনত থকা গো-মাংসৰ দোকানসমূহ বন্ধৰ দাবী জনাই আহিছে স্থানীয় একাংশ লোকে। আনকি বজাৰখনত থকা গো-মাংসৰ দোকান সমূহ বন্ধ কৰাৰ দাবীত স্থানীয় লোক সকলে ন্যায়ালয়ৰ দাৰস্থ হৈছিল।

বজাৰখনৰ গো-মাংসৰ দোকান সমূহ বন্ধ কৰাৰ দাবী জনোৱা লোক সকলে অভিযোগ কৰে যে ন্যায়ালয়ৰ বাধা স্বত্বেও বলপূৰ্বকভাৱে দোকানসমূহ বৰ্তমানেও চলি আছে। এই ক্ষেত্ৰত নগাঁও আৰক্ষীৰ পৰা কোনো সহযোগিতা নোপোৱাৰ অভিযোগ উত্থাপন কৰি নগাওঁ সদৰ থানাত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে শতাধিক মুছলমান সম্প্ৰদায়ৰ পুৰুষ মহিলা।