আজিজ আলী

নলবাৰী

২৭ অক্টোবৰ

এইবাৰ দশমীৰ নিশা মুকালমুৱাত চলিল চোৰৰ চাফাই অভিযান। মুকালমুৱাৰ চান্দাত একে নিশাই ছয়টাকৈ পৰিয়ালৰ ঘৰত চোৰৰ লুটপাত। লুটি নিলে সোণ, ৰূপৰ অলংকাৰ, নগদ ধনসহ মোৱাইল ফোন৷

বিজয়া দশমীৰ নিশা দেৱী বিসৰ্জনত মুকালমুৱাবাসী ব্যস্ত থকাৰ সুবিধা গ্ৰহণ কৰি মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চান্দাত গাঁৱত চোৰে চলালে ধাৰাবাহিক অভিযান৷ গাঁৱখনৰ ছয়টাকৈ পৰিয়ালৰ ঘৰত চোৰে প্ৰৱেশ কৰি লুটি নিয়ে সোণ, ৰূপৰ অলংকাৰ,নগদ ধনসহ মোৱাইল ফোন৷ গাঁৱখনৰ হেমন্ত হালৈৰ গৃহৰ পিছফালৰ খিৰিকি খুলি চোৰে গৃহত প্ৰৱেশ কৰি গডৰেজৰ পৰা পত্নী বিনু হালৈৰ সোণ, ৰূপৰ অলংকাৰ আৰু নগদ পাঁচ হেজাৰ টকা লৈ উধাও হয়৷ অন্যহাতে গাঁৱখনৰে হৰেশ্বৰ দাসৰ গৃহৰো দৰ্জা খুলি চোৰে ভিতৰত প্ৰৱেশ কৰি পুত্ৰ অভিষেক দাসৰ মোৱাইল ফোনটো লৈ উধাও হয়৷ ইপিনে গাঁৱখনৰ পৰেশ হালৈ, অশ্বিনী তালুকদাৰ, ৰজনী হালৈ আৰু দিবাকৰ তালুকদাৰৰ গৃহৰ দৰ্জা ভাঙি চোৰে ভিতৰত প্ৰৱেশ কৰিবলৈ লওঁতেই গৃহস্তই জানিব পৰাত চোৰ, চোৰ বুলি চিঞৰাত চোৰ পলায়ন কৰে৷ ইতিমধ্যে ভুক্তভোগী পৰিয়াল সমুহে মুকালমুৱা আৰক্ষী থানাত চুৰি সংক্রান্তত এজাহাৰ দাখিল কৰিছে৷

উল্লেখ্য যে সপ্তমীৰ নিশা নগাঁও জিলাৰ চামগুৰিত এঘৰ মানুহৰ ঘৰত চোৰে চুৰিকাণ্ড সংঘটিত কৰি সোণৰ গহনা আৰু নগদ ধন লুটি নিয়াৰ লগতে অন্য এঘৰৰ পৰা বাইকলৈ উধাও হৈছল। ইফালে অষ্টমীৰ নিশাও চোৰৰ দলে ৰঙিয়া চহৰৰ মাজমজিয়াত থকা গহনাৰ দোকানৰ তলা ভাঙি লুটি নিছিল বহু সোণৰ গহনা।