কুন্দন ভৰালী

নগাঁও

২৭ অক্টোবৰ

বিজয়া দশমীৰ নিশা নগাঁও চহৰৰ মিলনপুৰত এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বোৱাৰী গৰাকীক ৰহস্যজনক মৃত্যু কেন্দ্ৰ কৰি পৰিয়ালৰ লোকে হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰিছে। নিশাৰ ভাগত পতি-পত্নীৰ মাজত সংঘটিত হৈছিল কাজিয়াৰ।

নগাঁও চহৰৰ মিলনপুৰৰ মুন্মি দাসৰ নামৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ পৰিৱেশৰ সৃষ্টি হৈছে। বোৱাৰী গৰাকীৰ ৰহস্যজনক মৃত্যুক পৰিয়ালৰ লোকে সহজভাৱে ল’ব পৰা নাই আৰু এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। হৰিপদ দাস নামৰ লোক জনৰ পত্নী মুন্মি দাসৰ ৰহস্যজনক মৃত্যুক পৰিয়ালৰ লোকৰ হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি জানিবলৈ দিয়ে যে নিশাৰ ভাগত হৰিপদ দাস আৰু মুন্মি দাসৰ মাজত মিলনপুৰৰ ভাড়াঘৰত নিশা কাজিয়াৰ সূত্ৰপাত হৈছিল। ইফালে কাজিয়াৰ পিছতে মুন্মি দাসে ঘৰটোৰ এটা কোঠাৰ দৰ্জা বন্ধ কৰি চিপ লৈ আত্মহত্যা কৰিছে বুলি স্বামী হৰিপদ দাসে জানিব দিয়ে। নিশাই হৰিপদ দাসে মুন্মি দাসক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত লৈ আহে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়ত আৰক্ষীয়ে মৃত মুন্মি দাসৰ মৰুণোত্তৰ পৰীক্ষা কৰোৱাৰ কথা কোৱাত মুন্মি দাসৰ স্বামী হৰিপদ দাসে বাধা প্ৰদান কৰিছিল। আনহাতে মৃত মুন্মি দাসৰ পৰিয়ালে অভিযোগ কৰা মতে এইয়া আত্মহত্যা নহয় এইয়া এক পৰিকল্পিত হত্যাকাণ্ডহে। ঘটনা সন্দৰ্ভত মুন্মি দাসৰ পৰিয়ালে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে।

ইতিমধ্যে নগাঁও সদৰ আৰক্ষীয়ে মৃত মুনি দাসৰ স্বামীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে মৃত মুনমি দাসৰ ভগ্নী পাৰ্বতী দাসকো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে কি কাৰণত মৃত মুনমি দাসৰ ভগ্নীক গ্ৰেপ্তাৰ কৰিছে সেইয়া ৰহস্যৰ আৱৰ্তত আছে। এতিয়া এই ৰহস্যজনক মৃত্যু হত্যা নে আত্মহত্যা সেইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।