সংবাদ ৩৬৫, ২৩ ফেব্ৰুৱাৰী:  বিষাক্ত সুৰাপানৰ ফলত প্ৰাণ গ’ল ৯৩জন লোকৰ। অসুস্থ হৈ আছে কাজল বাউৰী, মাইনু পুজৰ, অনিল বাউৰী, বিনন পুজৰ। গোলাঘাটৰে উষা গৰঙা গাঁৱৰ মমতা তাঁতী নামৰ এগৰাকী মহিলাগৰাকীৰো মৃত্যু হয় এই বিষাক্ত সুৰাপানৰ ফলত। গোলাঘাটৰ তেলিশাল বাগিচাতো দুজনৰ মৃত্যু। আনহাতে মেৰাপানীৰ গোবিনপুৰতো প্ৰাণ গ’ল আন ৪জনৰ। মৃত্যু ঘটে জি এম চি এইচত চিকিৎসাধীন হৈ থকা ২০জন লোকৰ। যোৰহাটৰ বৰহোলাতো প্ৰাণ হেৰুৱালে ৭জনে।বৰ্তমানেও চিকিৎসাধীন হৈ আছে ২০০ৰো অধিক লোক।

আনহাতে, আজি যোৰহাট আৰু গোলাঘাটলৈ ৰাওনা হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্বাস্হ্য সেৱাৰ সুবিধাৰ বুজ ল’ব মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে বিষাক্ত সুৰাপানৰ ফলত অসুস্থ হৈ হাস্পতালখনত এতিয়াও চিকিৎসাধীন হৈ আছে কেইবাজনো লোক।

উল্লেখযোগ্য যে ইতিমধ্যে আটক কৰিছে তিতাবৰ বৰহোলাত দুই চুলাই মদ ব্যৱসায়ীক। উক্ত ব্যৱসায়ী কেইজন ক্ৰমে গড়াজান মিছিং গাঁৱৰ ৰমেশ টাইড (৪৩)আৰু ভোলাৰাম পায়েঙ (৪২) ।