নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ জুন : এটা মুৰ্গীৰ কণীৰ বাবেই এক হত্যাকাণ্ড । হত্যাৰ বাবে পতি-পত্নীসহ তিনিজনক যাৱৎজ্জীৱন কাৰাদণ্ড হোজাই শংকৰদেৱনগৰ আদালতৰ ।

উক্ত ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ শংকৰদেৱ নগৰত। ২০১৪ চনৰ ১৮ আগষ্ট তাৰিখে এটা মুৰ্গীৰ কণীক লৈ হোৱা কাজিয়াৰ পৰিণতিত প্ৰতিবেশী ৰুবী পণ্ডিতক কেৰাচিন ঢালি জ্বলাই দিছিল মোহন বিশ্বাস, শ্যামলী বিশ্বাস আৰু মণি মজুমদাৰে।

উক্ত ঘটনাৰ সংক্ৰান্তত ৪৪৮/৩০২/৩৪ ধাৰাৰ অধীনত হোজাই থানাত ৪৫৯/১৫ নং গোচৰ ৰুজু কৰা হয়। গোচৰটোত আদালতে তিনিওকে ২০ হাজাৰ টকাৰ জৰিমনাৰ লগতে যাৱৎজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে৷

উল্লেখযোগ্য যে গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই৷