গুৱাহাটী, সংবাদ ৩৬৫, ১২জুন : অসমৰ বিভিন্ন নগৰ সৰু আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰিকল্পিত উন্নয়ন আৰু সুষম বিকাশৰ স্বাৰ্থত অসম নগৰ আৰু গাঁও পৰিকল্পনা আইন ১৯৫৯ ৰ আধাৰত ১৯৬৩ চনৰ পৰা সমগ্ৰ অসমত এই পৰ্যন্ত ২৪ খন উন্নয়ন প্ৰাধিকৰণ গঠন কৰা হৈছে। প্ৰাধিকৰণৰ কাৰ্য্যালয়সমূহত চৰকাৰৰ দ্বাৰা নিয়োজিত সভাপতিসকলে কৰ্মচাৰীসকলক বিভিন্ন পদমর্যাদাৰে প্ৰাধিকৰণত নিযুক্তি দিছিল।

প্ৰাধিকৰণৰ কাৰ্য্যালয়ৰ আয়ৰ মূল উৎস মাটি বিক্ৰী, হস্তান্তৰ, গৃহ নিৰ্মাণৰ আপত্তি বিহীন প্ৰমাণ-পত্ৰ প্ৰদান কাৰ্যৰ বিপৰীতে সংগৃহীত হোৱা সীমিত মাচুল। এই ধনৰ পৰাই প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰীৰ দৰমহাৰ পৰা কাৰ্য্যালয় পৰিচালনাৰ আনুসংগিক ব্যয় বহন কৰি আহিছে। কিন্তু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ সংবিধানৰ ৭৪ তম সংশোধনীৰ আধাৰত অসম চৰকাৰে ২০১২ চনত নগৰ আৰু গাঁও পৰিকল্পনা আইন আৰু অসম পৌৰ আইন সংশোধন কৰাৰ ফলত প্ৰাধিকৰণৰ কার্যসমূহ পৌৰ সভা নগৰ সমিতিৰ এলেকাত, সংশ্লিষ্ট পৌৰসভা নগৰ সমিতিলৈ হস্তান্তৰ হোৱাৰ লগে লগে অসমৰ উন্নয়ন প্ৰাধিকৰণ সমূহৰ কার্যৰ পৰিসৰ সীমিত হোৱাৰ লগে লগে ইয়াৰ আয়ৰ উৎসও কমি গল।ফলত অসম প্ৰাধিকৰণ সমূহত কৰ্মৰত প্ৰায় ৩০০ জন শ্ৰমিক কৰ্মচাৰী বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হৈছে আৰু চাকৰিৰ নিৰাপত্তাহীনতাত ভোগাৰ লগতে কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ বাবে নাই কোনো পেন্সন, ভৱিষ্যতনিধিকে ধৰি অন্যান্য সা-সুবিধা।

সম্প্ৰতি সৰ্বমুঠ ৪৫ মাহলৈকে ক্ৰমে দেৰগাঁও, লক্ষীমপুৰ, ডিব্ৰুগড়, সোণাৰী, গোৱালপাৰা, কৰিমগঞ্জ, ধুবুৰী, জাগীৰোড, শিলচৰ, বৰপেটা,শিৱসাগৰ, নাজিৰা, যোৰহাট, তেজপুৰ, কোকৰাঝাৰ,নলবাৰী, গোলাঘাট, নগাঁও আদিত দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে।

অনাকাংক্ষিত পৰিস্থিতিৰ আশংকা কৰি মঞ্চই ১৯৯৫ চনৰ পৰাই বিভিন্ন স্থানত, সময়ত স্মাৰক পত্ৰ প্ৰদানেৰে অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। মঞ্চৰ দাবী চনদৰ প্ৰতি সঁহাৰি জনায় পূৰ্বে চৰকাৰী বিভাগীয় পত্ৰ নং TCP.166/2001/21…dt. Dispur, the 24th May,2002 যোগে সমাধান কৰাৰ আশ্বাস কার্যকৰী নকৰিলে।

উক্ত সমস্যা সমূহৰ বাবে মুখ্যমন্ত্ৰী, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী, বিত্ত বিভাগৰ মন্ত্ৰীক বাস্তৱ দৃষ্টিভঙ্গীৰে সমাধানৰ ব্যৱস্থা লবলৈ আহ্বান জনায় । অন্যথা মঞ্চই গণতান্ত্ৰিক আন্দোলনৰ পথ গ্ৰহণ কৰিব বুলি সংবাদমেলত ব্যক্ত কৰে মঞ্চই।