মানকাচৰ

২৪ মে’

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত মৈশালডাঙ্গা গাঁৱত সোমবাৰে পুৱা প্ৰায় ৮ বজাত এটা হাঁহৰ পোৱালিক লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। মাৰপিটৰ ঘটনাত উভয় পক্ষৰ ২০ জনকৈ লোক আহত হোৱাৰ লগতে ৫ জনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়।

প্ৰাপ্ত বাতৰি মতে গাঁওখনৰ নেহেৰ ভানু নামৰ এগৰাকী বিধৱা মহিলা পুৱা ৭.৩০ বজাত পাৰ্শ্বৱৰ্তী মালেক সেখ নামৰ লোকজনৰ পুখুৰীত হেৰাই যোৱা হাঁহৰ পোৱালি বিচাৰি যায়। আব্দুল মালেক নিজৰ পুখুৰীত হাঁহ পালন কৰি আহিছে। মালেক শেখৰ শতাধিক হাঁহৰ পোৱালিৰ জাকত বিধৱা মহিলা জনীৰ হাঁহৰ এটা পোৱালি সোমোৱা বুলি মহিলা গৰাকীয়ে দাবী কৰে যদিও মালেক সেখ এই কথা অস্বীকাৰ কৰাত দুয়োৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হয়। এনে পৰিস্থিতিৰ মাজত আব্দুল মালেক বিধৱা মহিলা জনীক নিজৰ ভৰিৰ ছেণ্ডেল খুলি প্ৰহাৰ কৰে।

বিধাৱা মহিলা জনীক প্ৰহাৰ কৰাটো মহিলাজনীৰ আত্মীয়ই প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে মালেক সেখক আক্ৰমণ কৰিবলৈ মহিলাজনীৰ আত্মীয়ৰ এটা দল হাতে হাতে লাঠি লৈ মালেক সেখক খেদি আহে। ইফালে মালেক সেখক আক্ৰমণ কৰিবলৈ এটা দল অহা দেখি তেওঁৰ আত্মীয় তথা পৰিয়ালৰ লোক সকলেও হাতে হাতে লাঠি লৈ ঘটনাস্থলীত উপস্থিত হয়। ফলত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট আৰম্ভ হয়।

স্থানীয় একাংশ সচেতন লোকৰ তৎপৰতাত মাৰপিট বন্ধ হয় যদিও এই মাৰপিটৰ ফলত উভয় পক্ষৰ ২০ জনকৈ লোক আহত হয়। আহত কেইজনক কুকুৰমাৰাস্থিত গজাৰিকান্ধি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। দুয়ো পক্ষৰ লোকক হাস্পতালত ভৰ্তি কৰাৰ পিছতো দুয়ো পক্ষৰ লোকে চিকিৎসকৰ সম্মুখতে পুনৰ মাৰপিট কৰিবলৈ আৰম্ভ কৰাত হাস্পতালত এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয়। পুনৰবাৰ স্থানীয় একাংশ সচেতন ব্যক্তিৰ হস্তক্ষেপত হাস্পতালৰ পৰিৱেশ নিয়ন্ত্ৰণলৈ আহে। ঘটনাৰ কিছু সময় পিছত মানকাচৰ থানাৰ পৰা আৰক্ষীৰ দল এটা উপস্থিত হোৱাৰ লগতে কালাপানী আৰক্ষীৰ দল হাস্পতালত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

মাৰপিটৰ ঘটনাৰ ফলত ফজু সেখৰ জীয়েক তথা বিধৱা মহিলা নেহেৰ ভানু, পজু সেখৰ পুত্ৰ যাদৱ আলী, যাদৱ আলীৰ পুত্ৰ শুকুৰ আলী, আছৰ আলীৰ দুই পুত্ৰ ক্ৰমে আবেদ আলী আৰু ময়নাল হক, আবেদ আলীৰ পুত্ৰ ছুৰুত জামান সেখ, ওছমান আলীৰ পুত্ৰ ইউনুচ আলী, ইউনুচ আলী পুত্ৰ মোতালেব সেখ আৰু আদম আলীৰ তিনি পুত্ৰ ক্ৰমে চানবৰ আলী, সাহেৰ আলী আৰু লালচান আলী সহ মুঠ ১১ জন লোক এটা ফৈদৰ পৰা আহত হয়। ইয়াৰে সুৰুত জামান সেখ আৰু শুকুৰ আলীৰ অৱস্থা সংকটজনক হোৱা বাবে দুয়োক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়।

আনহাতে মালেক সেখৰ ফৈদৰ পৰা তেওঁৰ পত্নী ৰূপসি খাতুন, নকুম উদ্দীনৰ দুই পুত্ৰ ক্ৰমে আপতাৰ হুছেইন আৰু আখেৰ হুছেইন, আফতাৰ হুছেইনৰ পত্নী নয়ন তাৰা, উছুম উদ্দীন সেখৰ পত্নী তথা দুই পুত্ৰ ক্ৰমে মালেকা খাতুন, মালেক সেখ, নুৰ ইছলাম সেখ, আমিন আলীৰ দুই পুত্ৰ ক্ৰমে স্বজল আলী আৰু ছলেমান সেখ সহ এই ফৈদৰ মুঠ ৯ জন লোক আহত হয়। ইয়াৰে মালেকা খাতুন, ৰূপসি খাতুন আৰু আফতাৰ হুছেইনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে।