আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৪ মে’

৭২ ঘন্টাৰ ভিতৰত শিৱসাগৰত দ্বিতীয়টো মৃতদেহ উদ্ধাৰ। সোমবাৰে পুনৰ এক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলাখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ তিনিদিন পূৰ্বেও শিৱসাগৰত উদ্ধাৰ হৈছিল এটা মৃতদেহ।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰিকাপাৰ নাওঁজান গাঁৱত উদ্ধাৰ হৈছে এটা উৱলি যোৱা মৃতদেহ৷ দৰিকা নদীৰ পাৰত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো দৰিকাপাৰ নাওঁজান গাঁৱৰ বুদ্ধেশ্বৰ চাংমাই বুলি চিনাক্ত কৰা হৈছে। বুদ্ধেশ্বৰ চাংমাই যোৱা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলিও জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে ব্যক্তিজন নিৰুদ্দেশ হৈ থকাৰ বিষয়ে শিৱসাগৰ আৰক্ষীক লিখিতভাৱে অৱগত কৰিছিল। মৃতদেহ উদ্ধাৰৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৃত্যুৰ প্ৰকৃত কাৰণ কি এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত চলাই আছে। উল্লেখ্য যে তিনিদিন পুৰ্বে শিৱসাগৰ নগৰৰ বনীয়া বাৰীৰ দেৱলীয়াখাটতো উদ্ধাৰ হৈছিল এটা উৱলি যোৱা মৃতদেহ।