গুৱাহাটী

১৮ মে’

চূড়ান্ত এন আৰ চিৰ সম্পূর্ণ ও বিস্তৃত পুনৰীক্ষণৰ বাবে যােৱা ১১ মে’ তাৰিখে ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই মহামান্য উচ্চতম ন্যায়ালয়ত জনােৱা আবেদন সংক্রান্তত সর্ব ভাৰতীয় সংযুক্ত গণতান্ত্রিক মৰ্চাই এক সংবাদমেলৰ আয়ােজন কৰে। মঙলাবাৰে গুৱাহাটীৰ হাতীগাঁওস্থিত এ আই ইউ ডি এফ দলৰ কেন্দ্রীয় কার্যালয়ত অনুষ্ঠিত হােৱা এই গুৰুত্বপূর্ণ সংবাদ মেলত চূড়ান্ত এন আৰ চিৰ পুনৰীক্ষণ সংক্রান্তত কেতবােৰ গুৰুত্বপূৰ্ণ দিশ উন্মােচন কৰে এ আই ইউ ডি এফ দলে।

সংবাদমেলখন সম্বােধন কৰি এ আই ইউ ডি এফ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক অধিবক্তা আমিনুল ইছলাম আৰু চেঙা সমষ্ঠিৰ বিধায়ক আশ্রাফুল হুছেইনে কয় যে ৰাজ্যিক সমন্বয়কে মার্চ মাহত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি ৩১ আগষ্ট ২০১৯ তাৰিখে প্রকাশিত চূড়ান্ত এন আৰ চিৰ সম্পূর্ণ ও বিস্তৃত পুনৰীক্ষণৰ দাবী জনাইছে। ৰাজ্যিক সমন্বয়কে ৩১ আগষ্ট ২০১৯ তাৰিখে প্রকাশিত চুড়ান্ত এন আৰ চিক ন্যায়ালয়ত দাখিল কৰা আবেদনত খচৰা তালিকাৰ সৈতে পৰিপূৰক তালিকা হিচাপে উল্লেখ কৰিছে। চুড়ান্ত এন আৰ চিক খচৰা তালিকাৰ সৈতে পৰিপূৰক তালিকা হিচাপে উল্লেখ কৰাটো সম্পূর্ণ অযৌক্তিকৰ তথা উচ্চতম ন্যায়ালয়ৰ আদেশ ও কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ পৰিপন্থী। এই প্রসংগত ভাৰতৰ মহাপঞ্জীয়ক, কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু এন আৰ চি কর্তৃপক্ষই সংবাদমেল আৰু বিভিন্ন লিখিত তথ্যৰ জৰিয়তে চূড়ান্ত এন আৰ চি বুলি ইতিমধ্যে ঘােষণা কৰিছে। তাৰ পিছতাে সমন্বয়কে ক্ষমতাৰ অপব্যৱহাৰ কৰি মহামান্য উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰ বাবে অপচেষ্টা কৰা বুলি অভিযােগ উত্থাপন কৰিছে এ আই ইউ ডি এফ দলে।

কেন্দ্রীয় চৰকাৰে গঠন কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সমন্বয় সমিতিয়ে ৩১ জানুৱাৰী ২০২০ তাৰিখৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰে যে এন আৰ চিৰ বাকী থকা কাম সম্পূর্ণ কৰি বাদ পৰা সকলক নাকচৰ কাৰণ জনােৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাজ্যিক সমন্বয়কে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সমন্বয় সমিতিৰ ০২ জুলাই ২০২০ তাৰিখৰ বৈঠকত জনায় যে ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে বাদ পৰা সকলক নাকচৰ কাৰণ জনােৱা হ’ব। চূড়ান্ত এন আৰ চিত বাদ পৰা সকলক নাকচৰ কাৰণ নজনােৱাকৈ ৰহস্যজনকভাৱে ৰাজ্যিক সমন্বয়কে চূড়ান্ত এন আৰ চিৰ সম্পূর্ণ ও বিস্তৃত পুনৰীক্ষণৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ত যােৱ ১১ মে ২০২১ তাৰিখে আবেদন দাখিল কৰাটো ৰহস্যজনক আৰু ব্যক্তিস্বার্থ সিদ্ধিৰ অপচেষ্টা। ইপিনে নৱনির্বাচিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যােৱা ১০ মে’ তাৰিখে শপত গ্ৰহণ কৰাৰ পিছত চুড়ান্ত এন আৰ চিত অন্তর্ভূক্ত হােৱা লােকৰ পৰা সীমান্ত জিলাত ২০% আৰু বাকী জিলাত ১০% শতাংশ লােকৰ পুনৰীক্ষণৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আনহাতেদি, চূড়ান্ত, এন আৰ চিৰ সম্পূর্ণ ও বিস্তৃত পুনৰীক্ষণৰ বাবে ৰাজ্যিক সমন্বয়কে যােৱা ১১ মে তাৰিখে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। মনকৰিবলগীয়া যে, ১১ মে’ তাৰিখে দাখিল কৰা আবেদনখন মুখ্যমন্ত্রীয়ে ১০ মে’ তাৰিখে শপত গ্ৰহণ কৰাৰ আগতেই প্রস্তুত কৰি ৮ মে’ তাৰিখে নটাৰী কৰিছিল।

অন্যহাতে কেন্দ্রীয় চৰকাৰে গঠন কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সমন্বয় সমিতিয়ে ৩১ জানুৱাৰী ২০২০ তাৰিখৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰে যে এন আৰ চিৰ বাকী থকা কাম সম্পূর্ণ কৰি বাদ পৰা সকলক নাকচৰ কাৰণে জনােৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাজ্যিয় সমন্বয়কে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সমন্বয় সমিতিৰ ০২ জনু ২০২১ তাৰিখৰ বৈঠকত জনায় যে ২০২০ চনৰ ডিচেম্বৰ মাহৰ শেষৰ পিনে বাদ পৰা সকলক নাকচৰ কাৰণ জনােৱা হ’ব। চূড়ান্ত এন আৰ চিত বাদ পৰা সকলক নাকচৰ কাৰণ নজনােৱাকৈ ৰাজ্যিক সমন্বয়কে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি চূড়ান্ত এন আৰ চিৰ সম্পূর্ণ ও বিস্তৃত পুনৰীক্ষণৰ দাবী জনাইছে। চূড়ান্ত এন আৰ চিৰ পুনৰীক্ষণৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ত আবেদন কৰিবলৈ ৰাজ্যিক সমন্বয়কে কেন্দ্রীয় ও ৰাজ্য চৰকাৰৰ অনুমতি লৈছে নে? কেন্দ্রীয় ও ৰাজ্য চৰকাৰে ৰাজ্যিক সমন্বয়কক কর্তৃত্ব প্রদান কৰিছেনে? সেই সম্পর্কে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক স্পষ্টীকৰণ দিবলৈ দাবী জনায় দলটোৱে। সংবাদ মেলত এইদৰে কয় যে আমাৰ ন্যায়ালয়ৰ ওপৰত আস্থা আৰু বিশ্বাস আছে পূর্বতেও এনেধৰণর ষড়যন্ত্রমূলক আবেদন ন্যায়ালয়ত গৈছিল আৰু পুনৰীক্ষণৰ বাবে দাখিল কৰা আবেদন খাৰিজ কৰি ৩১ আগষ্ট ২০১৯ তাৰিখে এন আৰ চি প্রকাশ কৰিবলৈ নির্দেশনা প্রদান কৰিছিল। এইবেলিও মহামান্য ন্যায়ালয়ে পূর্বৰ স্থিতিকে বাহাল ৰাখিব বুলি এ আই ইউ ডি এফ দল আশাবাদী।

একেটা সময়তে পদমর্যাদা ৰক্ষা নকৰি সম্পূর্ণ ব্যক্তিস্বার্থ আৰু নিজস্ব দুষ্ট চিন্তাক অগ্রাধিকাৰ দিয়া হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে বিভাগীয়ভাৱে বিহিত ব্যৱস্থা ল’বলৈও চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰে এ আই ইউ ডি এফে। সংবাদ মেলত উপস্থিত থাকে দলৰ বিধায়িনী দলৰ দলপতি তথা প্রশাসনিক সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাছিমী, বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম, বিধায়ক আশ্রাফুল হুছেইন আৰু দলৰ অন্যান্য বিষয়ববীয়াসকল।