আব্দুল হক

নগৰবেৰা

১৭ মে’

ৰাজ্যজুৰি ক’ভিডৰ ভয়াবহ পৰিৱেশ। এফালে প্ৰতিদিনে ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাই আছে ক’ভিড ৰোগীৰ সংখ্যা আনফালে মৃত্যুৰ মুখত পৰি আছে ইজনৰ পিছত সিজন লোক। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে চৰকাৰে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ আৱদ্ধ হৈ আছে ঘৰৰ ভিতৰত।

প্ৰাণৰ ভয়ত ৰাইজৰ ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ মাজতে দুৰ্নীতিৰ বিৰুদ্ধে একাংশ ৰাইজ ঘৰৰ পৰা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। কামৰূপ জিলাৰ বকোৰ ৰঙাপানীত এখন কাঠৰ দলং নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। অতি নিম্নমানৰ সামগ্ৰীৰে কাম কৰি আঁচনিৰ ধণ আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে।

কাঠৰ দলং নিৰ্মাণত পঞ্চায়ত প্ৰতিনিধিয়ে সংঘটিত কৰা দুইনীতিৰ তদন্ত বিচাৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। কামৰূপ জিলাৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙাপানী গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত প্ৰায় ৯ লাখ ২৯ হাজাৰ ৮৮ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এখন কাঠৰ দলং। কামৰ দায়িত্বত আছিল গাঁও পঞ্চায়তখনৰ সভানেত্ৰী আৰু ৱাৰ্ড মেম্বাৰ।

ৰাইজক সম্পুৰ্ণ অন্ধকাৰত ৰাখি অতি নিম্নমানৰ কাঠেৰে দলংখন নিৰ্মাণ কৰি আঁচনিৰ অধিকাংশ ধন পঞ্চায়ত সভানেত্ৰী আৰু ৱাৰ্ড মেম্বাৰে আত্মসাত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ফলত সোমবাৰে ক্ষুব্ধ গঞাই ভয়াবহ কভিড পৰিস্থিতিৰ মাজতো সামাজিক দূৰত্ব বজাই দলংৰ ওপৰতে সাব্যস্ত কৰে প্ৰতিবাদ।দলং নিৰ্মাণত সংঘটিত হোৱা দুৰ্ণীতিৰ তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনায় প্ৰতিবাদকাৰী স্থানীয় ৰাইজে।