গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়ত উলেমাই নাগৰিক পঞ্জীৰ নাম অন্তৰ্ভুক্তিক লৈ অভিযোগ-আপত্তি আবেদন সম্পৰ্কত এৱছুৰ সৈতে উলুবাৰীৰ এক বৈঠকত মিলিত হয়।

বৈঠকত পাৰস্পৰিক সহযোগিতাৰে বিষয়টোৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত দুয়োটা সংগঠন একমতত উপনীত হয়। এই কথা সংবাদমেলযোগে জানিবলৈ দি কৰিমে কয় “এই বিষয়টো মূলতঃ আলোচনা হৈছিল। এইটো এবছোৰ কেন্দ্ৰীয় সিদ্ধান্ত নহয় বুলি প্ৰমোদ বড়োৱে আমাক জনায়।”

অসমৰ বিভিন্ন ঠাইত প্ৰায় ৫ লাখ অভিযোগ আবেদন দাখিল হৈছে। কোকৰাঝাৰত এক ৰাতিত ১ লাখৰো অধিক নথি জমা হোৱাৰ অভিযোগ উলেমাৰ। সংখ্যালঘু লোকৰ নামো “নামে বে-নামে” আপত্তি দাখিল কৰা হৈছে বুলিও সংবাদমেলত কয় সম্পাদকগৰাকীয়ে ।

তাৎপৰ্যপূৰ্ণভাৱে এবছো আৰু আছুৰ সদস্যই এনেদৰে আপত্তি আবেদন দাখিল কৰাৰ অভিযোগ অসম ৰাজ্যিক জমিয়ত উলেমাৰ সম্পাদকৰ। তেওঁলোকে দাখিল কৰা আপত্তি আবেদনত নাম আৰু ঠিকনা উল্লেখ কৰিছে বুলিও তেওঁ কয়।

দাখিল হোৱা অবৈধ্য নথি খাৰিজ কৰিবলৈ দুয়োটা সংগঠনেই প্ৰশাসনক অনুৰোধ জনোৱাৰ লগতে কোকৰাঝাৰত গৈ জিলা প্ৰশাসনক সাক্ষাৎ কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে সংগঠনটোৰ সম্পাদকগৰাকীয়ে ।

“১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা নাগৰিকৰ ক্ষেত্ৰত অভিযোগ দাখিল কৰিলে কোনো আপত্তি নাই আৰু এইক্ষেত্ৰত দুয়োটা সংগঠন একমত বুলি উল্লেখ কৰি লগতে কয় “এখন বিদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমিও বিচাৰো।”

বিটিএডিত বড়োক বাদ দি যেনেকৈ কোনো ধৰণৰ উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠা সম্ভৱ নহয় ,তেনেদৰে অবড়োক বাদ দিও কোনো উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠা সম্ভৱ নহয়। একাংশ দল-সংগঠনে প্ৰৰোচনামূলকভাৱে জোৰ-জবৰদস্তি একাংশ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামত নাগৰিকপঞ্জীত নাম নাম অন্তৰ্ভুক্ত হোৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নাগৰিকপঞ্জীৰ কামত বাধা দিয়াৰ চেষ্টা কৰিছে। ই গৰিহণাৰ যোগ্য । নাগৰিকপঞ্জীৰ কামত বাধা দিয়া যিকোনো ষড়যন্ত্ৰৰ বিৰুদ্ধে জমিয়ত উলেমা সজাগ হৈ থাকিব বুলিও সংবাদমেলত উল্লেখ কৰে সম্পাদকগৰাকীয়ে।