গুৱাহাটী, সংবাদ ৩৬৫, ৬ মে’ : ৮ মে’ত পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া “অসম বন্ধ”ৰ ঘোষণা অসম মুছলিম স্বায়ত্ব পৰিষদ দাবী সমিতি (সুৰক্ষা সমিতি)ৰ ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাছতো “অসম বন্ধ” ঘোষণা কৰিছে সংগঠনটোৱে।বিশ্বনাথৰ ঘটনা, বিধায়ক প্ৰশান্ত ফুকনৰ শেহতীয়া মন্তব্য আৰু শিলাদিত্য দেৱে বিভিন্ন সময়ত কৰি অহা মুছলমান বিৰোধী বক্তব্যৰ প্ৰতিবাদত এই বন্ধৰ ঘোষণা কৰে সংগঠনটোৱে।

দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন বিধায়ক তথা সংগঠনটোৰ সভাপতি ৰচুল হক বাহাদুৰে ঘোষণা কৰিলে অসম বন্ধৰ। সংবাদমেলত ৰচুল হক বাহাদুৰে কয় ” বাৰ বাৰ আমাৰ জাতিটোক আক্ৰমণ কৰি আছে। বাৰে বাৰে চৰকাৰক জনাইছোঁ যে এইদৰে মুছলমান জাতিটোক আক্ৰমণ হৈ আছে ,চৰকাৰে ব্যৱস্থা লব লাগে।”

ৰচুল হক বাহাদুৰে আৰু কয় “বিজেপি চৰকাৰে বিধায়ক শিলাদিত্য দেৱক নিয়ন্ত্ৰণ কৰিবলৈ কোনো চেষ্টা নকৰিলে। যাৰ বাবে বিশ্বনাথ কাণ্ডৰ দৰে ঘটনা ৰাজ্যত ঘটিবলৈ পালে। আমি ভাবো এই ঘটনাৰ লগত আৰ এছ এছ বিজেপিৰ লোক জড়িত আছে। ”

ইফালে ২৩ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা হ’লে যদি বিজেপিৰ ফলাফল বেয়া হয় তেতিয়া দলটো মুছলমান সমাজৰ প্ৰতি অধিক আক্ৰমনাত্মক হৈ পৰিব পাৰে” বুলি সন্দেহ প্ৰকাশ সভাপতি গৰাকীয়ে। প্ৰশান্ত ফুকনৰ বিভিন্ন মন্তব্যই ইয়াৰ ইংগিত দিয়াৰ কথা কৈ এই ক্ষেত্ৰত চৰকাৰে যাতে গুৰুত্ব দিয়ে তাৰ বাবেই এই বন্ধৰ ঘোষণা কৰা বুলি জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে।