জোনমণি বেগম

বিশ্বনাথ

২৭ মে’

এম্বুলেন্সত ওলাল কাছৰ মাংস। বন বিভাগে অভিযান চলাই এম্বুলেঞ্চৰ ভিতৰত পৰা কাছৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ কৰিলে। বিশ্বনাথ জিলাৰ পানীভড়ালস্থিত‌ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বন বিভাগৰ এটা অভিযানকাৰী দলে এক গোপন সূত্ৰৰ পম খেদি বুধবাৰে নিশা‌ গহপুৰ ডিপৰাৰ কঠালনিবাৰীৰ পৰা শশী দাস আৰু দিগন্ত ভূঞাঁ নামৰ দুজনক গ্ৰেপ্তাৰ কৰে।

বন বিষয়া উত্তম চমুৱাহৰ নেতৃত্বত বন বিভাগৰ এটা দলে কঠালনিবাৰীত অভিযান চলাই এছ-১২-বিচি-৪৪২১ নম্বৰৰ এম্বুলেন্সৰ ভিতৰত কটা কাছ মাংস উদ্ধাৰ কৰে। বন বিভাগৰ দলটোৱেৰ কটা কাছৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োজনক বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলে জেৰা চলাই বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি এম্বুলেন্সখন তেজপুৰত এজন ৰোগী থৈ বিশ্বনাথৰ গহপুৰত উপস্থিত হৈছিল আৰু তাৰ পিছত গহপুৰৰ কঠালনীবাৰীৰ পৰা এম্বুলেন্সখনৰ চালক দিগন্ত ভূঞাই শশী দাসক লগ কৰি প্ৰায় ১ কেজি ৩০০ গ্ৰাম কাছৰ মাংস ক্ৰয় কৰিছিল। ইয়াৰ পিছতে বন বিভাগে অভিযান চলাই কাছৰ মাংসসহ দুয়োকে আটক কৰে।