গুৱাহাটী

২৭ মে’

ভাৰতীয় জনসম্পৰ্ক পৰিষদে যোৱা ২৫ মে’ত অনলাইন অধিৱেশনৰ জৰিয়তে অনুষ্ঠানটোৰ শিক্ষাৰ্থী শাখা ইয়ং কমিউনিকেটৰ্ছ ক্লাব উত্তৰ-পূৰ্বাঞ্চল অধ্যায়ৰ উদ্বোধন কৰে। পিআৰচিআই আৰু ৱাইচিচিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য পৰামৰ্শদাতা এমবি জয়ৰামে অধ্যায়টিৰ উদ্বোধন কৰে। ছেভেন চেঞ্চ কমিউনিকেশ্বনৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক শুভাংকৰ বেনাৰ্জীক উত্তৰ-পূব ভাৰতৰ পিআৰচিআই আৰু ৱাইচিচিৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। শুভাংকৰ বেনাৰ্জী বৰ্তমান পিআৰচিআই গুৱাহাটী অধ্যায়ৰ সাধাৰণ সম্পাদক পদত অধিস্থিত হৈ আছে।

পিআৰচিআই আৰু ৱাইচিচি প্লেটফৰ্মে গণসংযোগ আৰু ব্যৱসায় ব্যৱস্থাপনাৰ শিক্ষাৰ্থীসকলক বিশিষ্ট জনসংযোগ তথা যোগাযোগৰ লগত জড়িত ব্যক্তিত্ব আৰু ব্যৱসায়িক নেতা, জনসংযোগৰ উদ্যোগী আৰু শিক্ষাবিদসকলৰ সৈতে এক শৃংখলাবদ্ধ কৰ্মশালা, অধ্যয়ন চক্ৰ, ৱেবিনাৰ, প্ৰতিযোগিতা, সৃষ্টিশীল অনুষ্ঠান আৰু গোলকীয় সন্মিলনৰ জৰিয়তে বাৰ্তালাপত অংশগ্ৰহণ কৰি উদ্যোগটোৰ সন্মুখীন হ’বলৈ সাজু হোৱাৰ সুযোগ প্ৰদান কৰিব। অনুষ্ঠানটোত শুভাংকৰ বেনাৰ্জীয়ে কয়, “আমি সুখী যে উত্তৰ-পূৰ্বাঞ্চলত আমাৰ এটা ৱাই.চি.চি. অধ্যায় আছে, ই শিক্ষাৰ্থীসকলক উদ্যোগ বিশেষজ্ঞসকলৰ লগত বাৰ্তালাপ কৰাত তথা জ্ঞান আহৰণ কৰাত সহায় কৰিব, যদি দেশৰ যিকোনো অংশত কোনো শিক্ষাৰ্থীয়ে ইণ্টাৰ্নশ্বিপ আৰু নেটৱৰ্ক নিৰ্মাণ কৰিব বিচাৰে এই অধ্যায়ে সেইক্ষেত্ৰত তেওঁলোকক সহায় কৰিব।”

তেওঁ লগতে কয়, “আমি শীঘ্ৰেই সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত সমৰ্পিত ৱাইচিচি উত্তৰ-পূৰ্বাঞ্চল অধ্যায়ৰ শাখা আৰম্ভ কৰাৰ কাম আৰম্ভ কৰিম যাতে প্ৰতিষ্ঠানটো আৰু পিআৰচিআই তথা ৱাইচিচিৰ ৰাষ্ট্ৰীয় দলৰ মাজত পোনপটীয়া যোগাযোগ স্থাপিত হয়।” আগন্তুক দিনবোৰত পিআৰচিআই আৰু ৱাইচিচিয়ে উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্যতে সমৰ্পিত অধ্যায় আৰম্ভ কৰিব।