কলগাছিয়া, সংবাদ৩৬৫, ১৮ এপ্ৰিল: এ আই ইউ ডি এফৰ জনীয়া সমষ্টি কমিটিৰ প্ৰাক্তন সভাপতি খন্দ আশ্ৰাফুল মামুনে কালি এক সংবাদমেল আয়োজন কৰে।

উল্লেখ্য যে বৰ্তমানৰ বৰপেটাৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামৰ লগত দুবছৰ পূৰ্বে মতানৈক্য হোৱাত সংবাদ মাধ্যমত সেই সময়ত খন্দ: আশ্ৰাফুল মামুনকে ধৰি কেইবাজনো ব্যক্তিয়ে ডঃ হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে সাক্ষাৎকাৰ দিছিল। এই সাক্ষাৎকাৰ কংগ্ৰেছী লোকে বৰ্তমানৰ বুলি নিৰ্বাচনী ইচ্ছুই বনাই ফেচবুক, হোৱাটছ এপ, মেচেনজাৰ আদি সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ চলাই আছে।

উক্ত ভিডিওটো পুৰণি বুলি মন্তব্য কৰাৰ লগতে দুবছৰ পূৰ্বে সমষ্টি কমিটি লৈ মজিবৰ খান পন্থী আৰু ডঃ হাফিজ ৰফিকুল ইছলাম পন্থীৰ মাজত মতানৈক্য হৈ এই মন্তব্য কৰা হৈছিল যদিও আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ মধ্যস্থতাত মীমাংসা হৈছিল। গতিকে কংগ্ৰেছী সকলে এই পুৰণা কেছেট বজাই লাভ নাই, কংগ্ৰেছী সকলৰ এনে পুৰণা কেছেট বহুত আছে বুলি সভাত মন্তব্য কৰে খন্দ: আশ্ৰাফুল মামুনে।